হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিত প্ৰলয়ংকৰী বানৰ বাবে বন্যাৰ্তৰ দুখৰ অন্ত পৰা নাই ৷ বানাক্ৰান্ত ৰাইজে বৰ্তমান এসাঁজ খাই এসাঁজ লঘোণে থাকি অতি যন্ত্ৰণাকাতৰভাৱে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে ৷
হাইলাকান্দি জিলা প্ৰশাসনে যোৱা ৬ দিনে মাত্ৰ এবাৰ বান সাহায্য প্ৰদান কৰিয়েই দায়িত্ব সামৰাৰ পাছত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে বিভিন্ন এলেকাৰ বানাক্ৰান্ত ৰাইজে ৷ চৰকাৰ প্ৰশাসনে এইসকল ৰাইজলৈ পিঠি দিয়াৰ বিপৰীতে বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ খাদ্য সামগ্ৰী আৰু খোৱা পানী যোগান ধৰি মহানুভৱতাৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে হাইলাকান্দিৰ ৰামকৃষ্ণ সেৱা সমিতিৰ সদস্য সকলে ।
আলগাপুৰ সমষ্টিৰ বক্ৰিহাওৰ, জানকিবাজাৰ আদি এলেকাৰ প্ৰায় তিনি হাজাৰ লোকক খিচিৰি ৰান্ধি খুৱাই ৰামকৃষ্ণ সেৱা সমিতিৰ সদস্য সকলে । লগতে প্ৰায় চাৰি হাজাৰ লিটাৰ বিশুদ্ধ খোৱা পানীও যোগান ধৰে তেওঁ লোকে । উল্লেখ্য যে, যোৱা দেওবাৰৰ পৰা বৰাক আৰু কাটাখাল নদীৰ প্ৰলয়ংকৰী বানে আলগাপুৰ সমষ্টিৰ ৩০ খনতকৈ অধিক গাঁৱৰ প্ৰায় ৫০ হাজাৰ জনসাধাৰণৰ অন্ন-বস্ত্ৰ, বাসস্থান নিশেষ কৰি এক বিভীষিকা সৃষ্টি কৰিছে ৷ ইয়াৰ মাজতে ৰামকৃষ্ণ মিছনৰ দৰে স্বেচ্ছাসেৱী সংগঠনৰ কামে এক নিদৰ্শন দাঙি ধৰিছে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|