নিশাৰ ভিতৰতে ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰাৰ আশংকা স্থানীয় ৰাইজৰ।
নিশাৰ ভিতৰতে ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰাৰ আশংকা স্থানীয় ৰাইজৰ।
হোজাইৰ যমুনামুখত বছৰটোৰ দ্বিতীয়টো বানত পুনৰ চিগিল কপিলী নৈৰ মথাউৰি। যমুনামুখৰ নগঞাপাম, চানজুৰাই, কহাৰ গাঁও অঞ্চলত বাঢ়নী পানীয়ে লৈছে ভয়ংকৰ ৰূপ। হাজাৰ হাজাৰ বিঘা খেতিৰ কঠীয়া বিনষ্ট। নিশাৰ ভিতৰতে ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰাৰ আশংকা স্থানীয় ৰাইজৰ। ইফালে কোভিড–১৯, আনফালে বানৰ সন্ত্ৰাসে নিদ্ৰা হৰণ কৰিছে হোজাইবাসীক। তাৰ বিপৰীতে কিন্তু নিৰ্বিকাৰ জনপ্ৰতিনিধি–প্ৰশাসন।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|