ধুবুৰীৰ তামাৰহাটত গদাধৰ নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে ঐতিহাসিক আলোকঝাৰী মা মহামায়া মন্দিৰলৈ যোৱা পথৰ দলং। নদীৰ বাঢ়নি পানীয়ে দলং উঠুৱাই নিয়াত বিচ্ছিন্ন হৈ পৰিল আলোকঝাৰী গাঁৱলৈ যোৱা পথ যোগাযোগ ব্যৱস্থা।
ধুবুৰীৰ তামাৰহাটত গদাধৰ নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে ঐতিহাসিক আলোকঝাৰী মা মহামায়া মন্দিৰলৈ যোৱা পথৰ দলং। নদীৰ বাঢ়নি পানীয়ে দলং উঠুৱাই নিয়াত বিচ্ছিন্ন হৈ পৰিল আলোকঝাৰী গাঁৱলৈ যোৱা পথ যোগাযোগ ব্যৱস্থা।
ধুবুৰীৰ তামাৰহাটত গদাধৰ নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে ঐতিহাসিক আলোকঝাৰী মা মহামায়া মন্দিৰলৈ যোৱা পথৰ দলং। নদীৰ বাঢ়নি পানীয়ে দলং উঠুৱাই নিয়াত বিচ্ছিন্ন হৈ পৰিল আলোকঝাৰী গাঁৱলৈ যোৱা পথ যোগাযোগ ব্যৱস্থা। সহস্ৰাধিক মানুহৰ যোগাযোগ বিচ্ছিন্ন।
ৰাজ্যখনত কেইবাদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰতিটো নদীৰ পানী ফেনে ফুটুকাৰে বাঢ়ি আহিছে। বিপদ সীমাৰ ওপৰেৰে বৈছে নদীৰ পানী। ইতিমধ্যে ৰাজ্যখনত বহু দলং, বাট-পথ উটুৱাই নিছে নদীৰ বাঢ়নি পানীয়ে। চকুৰ পচাৰতে উটুৱাই নিলে ধুবুৰী জিলাৰ গোলকগঞ্জ ৰাজহ চক্ৰৰ অন্তৰ্গত ঐতিহাসিক আলোকঝাৰী মহামায়া মন্দিৰ বা আলোকঝাৰী গাঁৱলৈ যোৱা পথত গদাধৰ নদীৰ ওপৰত থকা দলংখন। দলংখন নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিয়াত আলোকঝাৰী গাঁৱলৈ যোৱা পথ যোগাযোগ একেবাৰে বিচ্ছিন্ন হৈ পৰিল। গাঁওখনত দুখন বিদ্যালয়, ঐতিহাসিক মা মহামায়া মন্দিৰ আছে, সহস্ৰাধিক লোক গাওঁখনত বসবাস কৰে। ছাত্র ছাত্ৰী বিদ্যালয়লৈ যোৱা, হাট বজাৰ কৰা আদি সৰ্বসাধাৰণ মানুহৰ একমাত্ৰ যোগাযোগ ব্যৱস্থা এই পথছোৱা। স্থানীয় ৰাইজে চৰকাৰক অনুৰোধ জনাইছে নদী পাৰাপাৰ হবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে।
আনহাতে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত সংকোষ নদীৰ পানীয়ে উটুৱাই নিলে এখন কাঠৰ দলং । গোসাঁইগাঁৱৰ জীয়াগুৰিত নদীৰ বাঢ়নি পানীয়ে দলংখন উঠাই নিয়াত যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰে। ইতিমধ্যে সংকোষ নদীৰ বাঢ়নি পানীয়ে মজাতি নদীৰ কাঠৰ দলংখন খহাই নিয়াত দহখনৰ অধিক গাঁৱৰ যোগাযোগ ব্যাহত হৈ পৰে। উক্ত দলংখনেৰে গোসাঁইগাঁও, কাশীয়াবাৰী , চৰাইবিল, বাজুগাঁও , জীয়াগুৰি , পাথৰগুৰি, জয়মা, গমনা আদি দহখনৰ অধিক গাঁৱৰ ৰাইজে চলাচল কৰি আহিছে। আজি পুৱতি নিশা ফেনে ফেটকাৰে বাঢ়ি অহা সংকোষ নদীৰ পানীয়ে দলংখন ভাঙি নিয়াৰ উক্ত অঞ্চলৰ ৰাইজে চিন্তিত হৈ পৰিছে। কিয়নো হাট, বজাৰ, স্কুল, কলেজ, চিকিৎসালয়ত যাবলৈ একমাত্ৰ দলং আছিল এইখন।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|