ৰাজ্যৰ বান পৰিস্থিতি শেহতীয়াকৈ কিছু উন্নত হৈছে যদিও এতিয়াও ঠায়ে- ঠায়ে বান আৰু ভয়াৱহ খহনীয়া অব্যাহত আছে ৷ বান আৰু খহনীয়াত দিকবিদিক হেৰুৱাইছে বহু লোকে ৷ সমান্তৰালকৈ অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা খৰশ্ৰোতা গাভৰু নৈখন কেইদিমান পূৰ্বে ওফন্দি উঠাত ঢেকিয়াজুলিৰ মেঘাই জাৰত বানপানীৰ সৃষ্টি কৰিছিল ৷ গাঁওখনৰ বহু পৰিয়ালৰ ঘৰ দুৱাৰত আঁঠুলৈকে পানী সোমাইছিল ৷
ইপিনে গাভৰু নৈ পৰীয়াই মেঘাই জাৰনিত নৈ খনৰ মুল মাথাউৰি খন ছিগি দিয়ে যদিও অঞ্চলটোৰ পাচখনকৈ গাওঁ ভয়াৱহ বানৰ পৰা কথমপি ৰক্ষা পৰে ৷ মূল মথাউৰি ছিঙি নিয়ে ৷ কিন্তু পিছত গাভৰু নৈৰ জলপৃষ্ঠ হ্ৰাস পোৱাত সৌভাগ্যক্ৰমে ভঙা মাথাউৰিৰে পানী বাগৰি নোযোৱাত ভয়াৱহ বানৰ পৰা ৰক্ষা পৰে কাষৰীয়া পাচখনকৈ গাঁও ৷ মেঘাই জাৰনি গাঁৱৰ এই ভঙা মাথাউৰিৰে যদিহে পানী বাগৰিলে হেতেন তেনেহ’লে অঞ্চলটোৰ বৰবিল, মেঘাই জাৰনি, বৰবিল পথাৰ, বৰবিল কচাৰি, ঘটুৱা গাঁও বানৰ কবলত পৰাৰ লগতে বিস্তীৰ্ণ কৃষি ভূমিৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ আশংকা আছিল ৷
এই ভঙা মাথাউৰিয়ে এতিয়া বিপদ কঢ়িয়াইছে গাঁওখনলৈ ৷ ইপিনে গোটেই খৰালি মাহত জৰাজীৰ্ণ মাথাউৰিটো মেৰামতি নকৰা অকৰ্মণ্য জলসম্পদ বিভাগে এতিয়া ভঙা মথাউৰি মেৰামতি কৰিবলৈ দিনে নিশাই ব্যস্ত হৈছে ৷ স্থানীয় ঢেকিয়াজুলিৰ সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালৰ নিৰ্দেশৰ পিছতেই জলসম্পদ বিভাগৰ তেজপুৰ সংমণ্ডলৰ মুখ্য কাৰ্যবাহী অভিযন্তা, সহকাৰী কাৰ্যবাহী অভিযন্তাকে ধৰি বিষয়া কৰ্মচাৰী ইয়াত বাহৰ পাতি দিনে নিশাই ভঙা মাথাউৰিত মেগা বেগ, জিঅ বেগ ,পাৰ্কোপাইন দি মাথাউৰি মেৰামতি কৰিবলৈ ব্যস্ত হৈছে ৷
উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা এই নৈখন অৰুণচলত বৰষুণ হ’লেই পাহাৰৰ পৰা নামি অহা পানীৰ বাবে ঘনে ঘনে উফন্দি উঠে ৷ তেনে ক্ষেত্ৰত এই সময়ত ভঙা মথাউৰি মেৰামতি কৰাত কিমান সফল হব সেয়া সময়ে ক'ব ৷
আটছা নেতা ইলিট মাহাতোৱে সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰি কয়- অকৰ্মণ্য জলসম্পদ বিভাগটোৱে বাৰিষাৰ সময়ত জৰজীৰ্ণ মথাউৰি, খহনীয়া আদি চকুত নপৰে ৷ মেঘাই জাৰনি গাঁওখন দীৰ্ঘদিনৰ পৰা খহনীয়াৰ কবলত পৰি প্ৰায় নিশ্চিহ্ন হোৱাৰ উপক্ৰম হোৱাৰ লগতে শ শ বিঘা কৃষি ভূমিও উচন হৈছে ৷ মাহাতোৱে অভিযোগ কৰে যে প্ৰায় ২০বছৰ ধৰি খহনীয়া প্ৰতিৰোধৰ কাম হৈ আছে কিন্তু কোনোবাৰেই সফল হোৱা নাই।
ইপিনে জলসম্পদ বিভাগৰ তেজপুৰ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ভগৱান পাতৰে সাংবাদিকৰ আগত কয় যে বিভাগে কোনো ধৰণৰ অনুমোদ লাভ কৰা নাছিল বাবেই খৰালিতে মথাউৰি মেৰামতি কৰিব পৰা নাছিল ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|