• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Flood : ৰাজ্যত বানৰ বিভীষিকা! বানত ককবকাইছে ২৬খন জিলাৰ লাখ লাখ লোকে, ক্ষতিগ্ৰস্ত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি

Assam Flood : ৰাজ্যত বানৰ বিভীষিকা! বানত ককবকাইছে ২৬খন জিলাৰ লাখ লাখ লোকে, ক্ষতিগ্ৰস্ত হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি

বানৰ কবলত ২৬খন জিলা। শ শ গাঁও এতিয়া পানীৰ তলত। আলৈ–আথানি নোহোৱা হৈছে বানাক্ৰান্ত লোকৰ।

বানৰ কবলত ২৬খন জিলা। শ শ গাঁও এতিয়া পানীৰ তলত। আলৈ–আথানি নোহোৱা হৈছে বানাক্ৰান্ত লোকৰ।

বানৰ কবলত ২৬খন জিলা। শ শ গাঁও এতিয়া পানীৰ তলত। আলৈ–আথানি নোহোৱা হৈছে বানাক্ৰান্ত লোকৰ।

  • Share this:
ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে। বানৰ কবলত ২৬খন জিলা। শ শ গাঁও এতিয়া পানীৰ তলত। আলৈ–আথানি নোহোৱা হৈছে বানাক্ৰান্ত লোকৰ। বিভিন্ন স্থানত এতিয়া বানৰ ফলত ব্যাহত পৰিছে যাতায়াত ব্যৱস্থা। নিৰাপদ স্থান বিচাৰি ঢাপলি মেলিছে বন্যাৰ্তই।

মুষলধাৰ বৰষুণৰ ফলত ফেনে–ফোটোকাৰে ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ লগতে উপনদী সমূহৰ জলপৃষ্ঠ। ব্ৰহ্মপুত্ৰৰ লগতে উপনদী সমূহৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ। শিৱসাগৰ জিলাৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিং নদীৰ সংগমস্থল দিহিং কলঘৰ অঞ্চল নিঃচিহ্ন হোৱাৰ পথত। এই দিহিং কলঘৰ অঞ্চলৰ কাষেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিং নদী। প্ৰত্যেক বছৰে নদী দুখনে উক্ত অঞ্চলৰ গৰা খহাই নিয়াৰ ফলত এতিয়া নিঃশেষ হ’বলৈ গৈ আছে দিহিং কলঘৰ অঞ্চল। উক্ত অঞ্চলত বাস কৰা লোকসকলে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক খহনীয়া ৰোধ কৰিবলৈ বহুবাৰ আবেদন নিবেদন জনাইছিল যদিও আজি তাৰিখলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।

হোজাই জিলাৰ যমুনামুখতো বানৰ তাণ্ডৱ। কপিলী নৈ, যমুনা নৈ আৰু নিশাৰী নৈৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰিছে ২০খনৰো অধিক ৰাজহ গাঁৱৰ লগতে ৪টাকৈ গড়কপ্তানী পথ। উদ্ধাৰ অভিযানৰ বাবে প্ৰাশাসনৰ ফালৰ পৰা কেইখনমান নাওৰ ব্যৱস্থা কৰা হৈছে যদিও সেয়া পৰ্যাপ্ত নহয়। বানৰ মাজত আবদ্ধ বহু লোক।

ইফালে, মেঘালয়ৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে দুধনৈৰ বিস্তীৰ্ণ খেতিপথাৰ৷ উপৰতোলাত দুধনৈ নৈৰ ভগা মথাউৰিৰে এতিয়াও পানী সোমাই আছে, যাৰ বাবে হাজাৰ হাজাৰ বিঘা কৃষিভূমি এতিয়া পানীৰ তলত৷ মঙলবাৰে পানীয়ে উটুৱাই নিয়া ভগ্ন মথাউৰিটো মেৰামতি নকৰাৰ ফলত হোৰাহোৰে পানী সোমাই থকাৰ ফলত বহু পৰিয়ালৰ বাসগৃহ প্লাৱিত হোৱাৰ সম্ভাৱনাই দেখা দিছে৷



মঙলদৈত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। শাকতোলা নদীৰ বাঢ়নীয়ে পানী বুৰাইছে ৰাষ্ট্ৰীয় ঘাইপথ। দৰং জিলাখনৰ দলগাঁও, মঙলদৈ, পাথৰিঘাট আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ ১০২খন গাঁও বানৰ কবলত পৰিছে আৰু প্ৰায় ৫৬,৯৬০ জন লোক ক্ষতিগ্ৰস্ত হৈছে। উক্ত ৰাজহ চক্ৰৰ অন্তৰ্গত ৪৮৬১.৩০ হেক্টৰ কৃষিভূমি অঞ্চল প্লাবিত হৈছে। তদুপৰি ৬৪,৫১০টা পশুধন বানৰ কবলত পৰিছে।

শোণিতপুৰ জিলাৰ বৰছলাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে বিস্তীৰ্ণ অঞ্চল৷ বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ১নং বছাশিমলুত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে শ শ বিঘা মাটিৰ বৰো ধান, মাকৈ, মৰাপাটক আদিকে বিভিন্ন খেতি বুৰাই পেলাইছে৷ ঋণ–ধাৰ লৈ কৰা খেতি বানে নষ্ট কৰাত কৃষক ৰাইজে মূৰে–কপালে হাত দিছে৷

টিহুৰ দক্ষিণ ভোজকুছিত চিগিল মৰাপাগলদিয়া নদীৰ মথাউৰি। ত্ৰিৱেনী ঘাটত মথাউৰি চিগি বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে বানত। কৃষিপ্ৰধান অঞ্চলটোৰ কেইবাখনো কৃষি পথাৰ মৰাপাগলদিয়া নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে। খৰালী মাহত মথাউৰি সমূহ বিজ্ঞানসন্মতভাৱে মেৰামতি নকৰাৰ ফলত এইদৰে চিগি যোৱাৰ অভিযোগ উত্থাপন হৈছে।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ সমান্তৰালকৈ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখৰ অফলাত। বিগত বৰ্ষত খহনীয়া প্ৰতিৰোধৰ বাবে এক কোটি টকা ব্যয় সাপেক্ষে গ্ৰহণ কৰা জিঅ'শ্বীল প্ৰকল্পৰ কাষতে চপৰা চপৰে খহিছে বৰলুইতৰ গৰা। গৰাখহনীয়া অব্যাহত থকাত বৃহত্তৰ কোঁৱৰপুৰ মৌজাৰ লগতে শিৱসাগৰ চহৰৰ প্ৰতিও কঢ়িয়াই আনিছে ভাবুকি। খহনীয়াত ইতিমধ্যে শ শ বিঘা ভূমি জাহ গৈছে যদিও প্ৰতিৰোধৰ বাবে স্থায়ী পদক্ষেপ নোলোৱাত শংকাত দিন পাৰ কৰিছে ৰাইজে।

নামনি অসমৰ ধুবুৰী জিলাতো গদাধৰ নদীৰ বাঢ়নী পানীয়ে বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰি পেলাইছে। হাজাৰ হাজাৰ হেক্টৰ খেতি পথাৰ পানীৰ তলত। ধুবুৰী জিলাৰ গোলকগঞ্জ উন্নয়ন খণ্ডৰ অন্তৰ্গত ভাটিপেটলা গাঁৱত গদাধৰ নদীৰ বাঢ়নী পানীয়ে মূল পথ চিঙি নিয়াত অসুবিধাৰ সন্মুখীন হৈছে গাঁওখনৰ ৰাইজে।
Published by:Sanjay Kumar Das
First published: