ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে অকল কাছাৰ জিলাতেই প্ৰায় ৫১,৪০০ লোক ক্ষতিগ্ৰস্ত হৈছে।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে অকল কাছাৰ জিলাতেই প্ৰায় ৫১,৪০০ লোক ক্ষতিগ্ৰস্ত হৈছে।
নেৰেনেপেৰা বৰষুণৰ ফলত অসমৰ সৰ্বত্ৰ এতিয়া বান আৰু ভূমিস্খলনৰ তাণ্ডৱ। এই পৰ্যন্ত ৰাজ্যখনৰ ২০ খন জিলাৰ প্ৰায় ২ লাখ লোক প্ৰত্যক্ষভাৱে বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে অকল কাছাৰ জিলাতেই প্ৰায় ৫১,৪০০ লোক ক্ষতিগ্ৰস্ত হৈছে। বছৰৰ প্ৰথমটো বানত এই পৰ্যন্ত ৬৫২খন গাঁও আৰু ৪৬টা ৰাজহ এলেকা বানত ডুবিছে। এই বানত ১৬,৬৪৫ হেক্টৰ কৃষিভূমি এই পৰ্যন্ত ক্ষতিগ্ৰস্ত হৈছে।
কাছাৰত মুঠ তিনিজন লোক বানত ডুবি মৃত্যমুখত পৰাৰ বাতৰি আহিছে। জিলাখনত প্ৰশাসনে ৫৫টা আশ্ৰয় শিবিৰ স্থাপন কৰাৰ লগতে ১২টা বিতৰণ কেন্দ্ৰও স্থাপন কৰিছে।
ইপিনে পাৰ্বত্য জিলা ডিমা হাচাওত প্ৰকৃতিৰ ধ্বংসলীলাই সকলোকে কন্দুৱাই গৈছে। জিলাখনত পথ আৰু ৰেলপথ বিধ্বস্ত হৈ পৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|