মুখ্যপৃষ্ঠা »খবৰ »অসম »ধনৰ বিনিময়ত চাকৰি দিছিল অসম মীন উন্নয়ম নিগমত ! মীন উন্নয়ন নিগম কেলেংকাৰীত জড়িত দুই বিষয়াক নিলম্বন ...

ধনৰ বিনিময়ত চাকৰি দিছিল অসম মীন উন্নয়ম নিগমত ! মীন উন্নয়ন নিগম কেলেংকাৰীত জড়িত দুই বিষয়াক নিলম্বন ...

ধনৰ বিনিময়ত চাকৰি দিছিল অসম মীন উন্নয়ম নিগমত ৷ ২১৭ গৰাকীকৈ প্ৰাৰ্থীৰ পৰা টকা লৈ চাকৰি দিয়াৰ অভিযোগ নিগমত ৷ সেইসময়ৰ দুই প্ৰাক্তন পৰিচালন সঞ্চালক জড়িত আছিল এই দুৰ্নীতিত ৷

  • Share this:
ধনৰ বিনিময়ত চাকৰি দিছিল অসম মীন উন্নয়ম নিগমত ৷ ২১৭ গৰাকীকৈ প্ৰাৰ্থীৰ পৰা টকা লৈ চাকৰি দিয়াৰ অভিযোগ নিগমত ৷ সেইসময়ৰ দুই প্ৰাক্তন পৰিচালন সঞ্চালক জড়িত আছিল এই দুৰ্নীতিত ৷ শেহতীয়াকৈ হ'লেও প্ৰকাশ পাইছে এই ভয়ংকৰ সত্য ৷

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল স্থিতি লোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত সংঘটিত এক ভয়ংকৰ নিযুক্তি কেলেংকাৰী ৷ অসম মীন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰী, OSD পদ্মকান্ত হাজৰিকাৰ কাৰ্যকালত সংঘটিত হৈছিল এই বৃহৎ অনিয়ম ৷ কোনো বিজ্ঞাপন অথবা বাচনি পৰীক্ষা অবিহনে ২১৭ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰিছিল নিযুক্তি পত্ৰ ৷ বৃহৎ ধনৰ লেন দেনত প্ৰদান হৈছিল নিযুক্তি পত্ৰ ৷ নিকা স্বচ্চ চৰকাৰৰ দিনত সংঘটিত এই অনিয়মৰ বাতৰি পৰিবেশনৰ পাছতে অৱশেষত চি আই ডি, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ আৰু দিছপুৰ থানাৰ ৰুজু হৈছিল গোচৰ ৷ ইমানে নহয় ১৯২ গৰাকী প্ৰাৰ্থীৰ সতে ২০১৭ চনতে নিযুক্তি লাভ কৰা ২৫ গৰাকী প্ৰাৰ্থী দাৰস্থ হৈছিল আদালতত ৷ যি অনিয়ম প্ৰক্ৰিয়াৰ বিৰুদ্ধে অৱশেষত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে ব্যৱস্থা ৷ মীন উন্নয়ণ নিগমৰ সেইসময়ৰ দুই পৰিচালন সঞ্চালক ক্ৰমে অনুৰাধা অধিকাৰী শৰ্মা আৰু নৰেন্দ্ৰ চন্দ্ৰ বসুমতাৰী জড়িত ৷ যাৰবাবে দুই বিষয়াক নিলম্বনৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ ৷ পিছে, দুই বিষযা নিলম্বন হ'ল ঠিকেই কিন্তু উন্নয়ণ নিগমৰ অধ্যক্ষ, OSD বিৰুদ্ধে কি হ'ব ব্যৱস্থা ৷ সেয়া হৈ পৰিছে লক্ষণীয় ৷

শেহতীয়া বাতৰি