১৯৮৫ চনত ছবছৰীয়া অসম আন্দোলনৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰষত জন্ম লাভ কৰিছিল ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদে ৷ দুবাৰকৈ দিছপুৰৰ গাদী দখল কৰিছিল অসম গণ পৰিষদে ৷ বৰ্তমানো বিজেপিৰে মিত্ৰতা কৰি চৰকাৰৰ অংশ হৈ আছে আছুৱে জন্ম দিয়া অগপ ৷ কিন্তু নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত অসম গণ পৰিষদে লোৱা দুৰ্ভাগ্যজনক স্থিতিক সমালোচনা কৰি পুনৰ আছুৱে জন্ম দিবলৈ সাজু হৈছে এটা নতুন আঞ্চলিক ৰাজনৈতিক দল। ইতিমধ্যে হৈ গ’ল দলৰ জন্ম, মাথো বাকী আছে দলৰ নামাকৰণ।
‘Assam first, always and ever’-মূলমন্ত্ৰৰে ৪ দিনৰ পিছতে গঠন হ’ব আছুৰ নতুন ৰাজনৈতিক দল। অসমৰ জাতীয় জীৱনৰ সকলো সমস্যা সমাধানৰ লগতে অসম চুক্তিৰ ৬ নং দফাক আধাৰ হিচাপে লৈ গঠন কৰা হ’ব নতুন ৰাজনৈতিক দলটো। এই সন্দৰ্ভত লুৰিণ জ্যোতি গগৈয়ে কয় যে, ‘ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ বিপৰীতে অসমৰ ৰাইজে এটা আপোচবিহীন, প্ৰগতিশীল আঞ্চলিক দল বিচাৰিছে। য’ত সমাধানৰ বাট মুকলি হোৱাৰ লগতে জাতিটোক শক্তিশালী ৰূপত গঢ়ি তুলিব পৰা যাব। ইয়াৰ বাবে পৰামৰ্শদাতা কমিটীয়ে প্ৰতিবেদনত উল্লেখ কৰিছে।’
লুৰিণ জ্যোতিয়ে লগতে কয় যে, ‘এই ক্ষেত্ৰত চাহ জনগোষ্ঠী, আদিবাসী, সকলো খিলঞ্জীয়া জনগোষ্ঠী, সংখ্যালঘূ সম্প্ৰদায়ক সামৰি লোৱা হৈছে। শিশু মহিলাৰ কল্যানৰ কথাও পৰামৰ্শদাতা কমিটীৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।’
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 11, 2020, 17:52 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।