বাঘজান কাণ্ড| ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে OILক বিহিলে ২৫ কোটি টকাৰ জৰিমনা; গঠন কৰিলে তদন্ত কমিটী

বলীন কক্কৰ নামৰ ‘Wildlife and Environment Conservation Organization’ নামৰ NGOটোৰ সৈতে জড়িত এজন ব্যক্তিৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে দিল্লীৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এই নিৰ্দেশ প্ৰদান কৰে
বলীন কক্কৰ নামৰ ‘Wildlife and Environment Conservation Organization’ নামৰ NGOটোৰ সৈতে জড়িত এজন ব্যক্তিৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে দিল্লীৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এই নিৰ্দেশ প্ৰদান কৰে
- News18 Assam
- Last Updated: June 25, 2020, 6:43 PM IST
বলীন কক্কৰ নামৰ ‘Wildlife and Environment Conservation Organization’ নামৰ NGOটোৰ সৈতে জড়িত এজন ব্যক্তিৰ এক গোচৰৰ শুনানি গ্ৰহণ কৰি বৃহস্পতিবাৰে দিল্লীৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে এই নিৰ্দেশ প্ৰদান কৰে। ন্যায়াধীশ এচপি ৱাংড়ী আৰু সিদ্ধান্ত দাসকলৈ গঠিত দুজনীয় বিচাৰপীঠে বাঘজান বিস্ফোৰণৰ ফলত হোৱা পৰিবেশ, জৈৱ বৈচিত্ৰৰ ক্ষতি আৰু কাষৰীয়া অঞ্চলৰ লোক সকলৰ দুৰৱস্থাৰ কথা অৱগত হোৱাত OILক প্ৰাৰম্ভিক পৰ্যায়ত এই জৰিমনা বিহে।
OILক NGTয়ে জৰিমনাৰ ধন তিনিচুকীয়াৰ উপায়ুক্ত কাৰ্যালয়ত জমা দিবলৈ কয় আৰু পৰৱৰ্তী নিৰ্দেশ সমূহো আখৰে-আখৰে পালন কৰিবলৈ সকীয়াই দিয়ে। অন্যহাতে NGTয়ে বাঘজান কাণ্ডৰ তদন্ত কৰিবলৈ এখন ৮ জনীয়া কমিটী গঠন কৰি দিয়ে। এই কমিটী খনৰ অধ্যক্ষ হ’ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকী।
• সদস্য সচিব, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড ।
• জেষ্ঠ বিশেষজ্ঞ, বৈজ্ঞানিক ঔদ্যোগিক গৱেষণা কেন্দ্ৰ ।
• ড° সৰ্বেশ্বৰ কলিতা, পৰিবেশ বিজ্ঞান বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় ।
• অজিত হাজৰিকা, প্ৰাক্তন অধ্যক্ষ, ONGCL।
• সচিব, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড ।
• জিলা উপায়ুক্ত, তিনিচুকীয়া ।
উল্লেখযোগ্য যে, ২৭ মে’ তাৰিখে তিনিচুকীয়া জিলাৰ বাঘজানৰ Oil India Limitedৰ তৈল খাদৰ পৰা প্ৰাকৃতিক গেছ অস্বাভাৱিক ভাৱে নিৰ্গমন হৈছিল। পিছত নিৰ্গমন ৰোধ কৰিব নোৱাৰাত ৮ জুন তাৰিখে খাদটোত জুই লাগিছিল।