• Home
  • »
  • News
  • »
  • assam
  • »
  • এতিয়াৰ পৰা মাহেকত ৩০০০ টকাকৈ পাব এইসকল মহিলাই, চাৰিটা সম্প্ৰদায়লৈ ৫০০কোটিৰ পেকেজ, লেখানুদান বাজেটৰ মূল পইণ্ট চাওক

এতিয়াৰ পৰা মাহেকত ৩০০০ টকাকৈ পাব এইসকল মহিলাই, চাৰিটা সম্প্ৰদায়লৈ ৫০০কোটিৰ পেকেজ, লেখানুদান বাজেটৰ মূল পইণ্ট চাওক

২০২১ৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ছয় মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকা মুঠ ব্যয়ৰ লেখানুদান বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২০২১ৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ছয় মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকা মুঠ ব্যয়ৰ লেখানুদান বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২০২১ৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ছয় মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকা মুঠ ব্যয়ৰ লেখানুদান বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:

সদনত লেখানুদান দাখিল কৰিলে বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। আজি সদনত ২০২১ৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ছয় মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকা মুঠ ব্যয়ৰ লেখানুদান বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আঁচনিসমূহৰ খতিয়ান দিলে বিত্ত মন্ত্ৰীগৰাকীয়ে।


চাওক লেখানুদানৰ বাজেটৰ মুখ্য পইণ্টসমূহ :

>> ৰাজ্যিক ঘৰুৱা উৎপাদনৰ হাৰ ৭.৭১ শতাংশলৈ বৃদ্ধি।

>> ৰাজ্যৰ জনমুৰি আয় ৯০,৬৯২ টকালৈ বৃদ্ধি।

>> ২০২১-২২বৰ্ষত কেন্দ্রীয় কৰৰ ২০,৬০১ কোটি টকা অনুমোদন।

>> ২০১৯-২০ বৰ্ষত ৰাজ্যৰ নিজা কৰ ৰাজহৰ পৰিমাণ বৃদ্ধি।

>> অৰুণোদয় আঁচনিৰ পৰা ১৭,২৫,৫৯০গৰাকী মহিলা উপকৃত।

>> অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ৮৩০ৰ পৰা ৩০০০ টকালৈ বৃদ্ধি।

>> অৰুন্ধতী আঁচনিত সামৰি লোৱা হৈছে ১৫০০গৰাকী মহিলাক।

>> ৮,৭৫৬ নামঘৰলৈ ২১৮ কোটি টকাৰ অনুদান।

>> উত্তৰণ আঁচনিত ১২৪টা প্রকল্প আৰম্ভ হৈছে : বিত্তমন্ত্রী।

>> ‘১০০০খন দলং পকী দলঙলৈ উন্নীতকৰণ, ৰে’লৱে অভাৰব্রীজ নিৰ্মাণ’।

>>  এতিয়ালৈ ২০৪১খন দলঙৰ কাম আৰম্ভ, ৮৭০খনৰ কাম সম্পূৰ্ণ।

>>  ৰাজ্যত ক’ভিডৰ সময়ত ১০০০খন আইচিইউ বিছনা।

>> ৪,৫০০খন নিয়মীয়া হাস্পতালৰ বিছনা।

>> ১,৪০৮ ভেণ্টিলেটৰ, ৪,৫৪১টা অক্সিজেন চিলিণ্ডাৰৰ ব্যৱস্থা।

>> ৮৬৭ কোটি টকা ব্যয়ৰে ৫৮ লাখ পৰিয়াললৈ বিনামূলীয়া চাউল।

>> চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ দ্বাৰা উপকৃত ৭.৫ লাখ হিতাধিকাৰী।

>> চাহ শ্রমিকৰ মজুৰি বৃদ্ধিৰ আলোচনা চলি আছে’।

>> ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিত ৪০.৯৪ কোটি টকা ব্যয়।

>> এই আঁচনিৰ জৰিয়তে ১,৬৯,৯৩০গৰাকী স্বামীহাৰা মহিলা উপকৃত।

>> ১,৬০,৬১২ দিব্যাংগক মাহে এহাজাৰ টকাকৈ প্রদান কৰা হৈছে।

>> দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনিত ব্যয় ৯৬.৩৬ কোটি টকা।

>> ২০২০-২১ বৰ্ষত ১২,৫৬,৬৯৮ গৰাকীলৈ চৰকাৰৰ বৃদ্ধ পেঞ্চন।

>> বিদ্যালক্ষ্মী আঁচনিত ৩৭.৬০ কোটি টকাৰ ঋণ অনুমোদন দিয়া হৈছে।

>> অভিনন্দন’ৰ জৰিয়তে ৫,৭৯৯টা একাউণ্টলৈ এককালীন সাহায্য।

>> শিক্ষাঋণৰ বিপৰীতে প্রতিটো একাউণ্টত ৫০ হাজাৰ টকাকৈ সাহায্য।

>> প্রজ্ঞান ভাৰতী আঁচনিৰ দ্বাৰা বিনামূলীয়া নামভৰ্তি।

>> প্রজ্ঞান ভাৰতী আঁচনিত উপকৃত হৈছে ১৭.৮৪ লাখ ছাত্র-ছাত্রী।

>> মৰাণ, মটক, চুতীয়া, আহোম সম্প্রদায়ৰ কীৰ্তিচিহ্ন সংৰক্ষণৰ ব্যৱস্থা।

>> প্রতি সম্প্রদায়লৈ ১২৫কোটিকৈ ৫০০কোটি টকাৰ পেকেজৰ সিদ্ধান্ত।

>> অংগনবাড়ী কৰ্মীৰ দৰমহা এহাজাৰ টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত।

>> অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ৫০০ টকালৈ বৃদ্ধি।

>> ৬১.৫০২ গৰাকী অংগনবাড়ী কৰ্মী, ৫৬,০০৮ গৰাকী সহায়িকা উপকৃত।
Published by:Sanjay Kumar Das
First published: