আজি বিধানসভাত ৰাজ্যিক বাজেট দাখিল কৰা হ’ব। অসম চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে অসম বিধান সভাত দিনৰ ১১ বজাত ২০২৩ - ২৪ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰিব। এই বাজেট বিত্ত মন্ত্ৰী অজন্তা নেওগে সদনৰ মজিয়াত চলিত বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব।
বৃহস্পতিবাৰে অজন্তা নেওগে দাখিল কৰিবলগীয়া বাজেটত কি কি থাকিব তাকে লৈ বৰ্তমান চৰ্চা চলিছে। বাজেটক লৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দল সংগঠনে তেওঁলোকৰ পৰামৰ্শ আগবঢ়াইছে ৷ লগতে বিৰোধীয়ে মূল্য বৃদ্ধিক লৈও প্ৰতিবাদ কৰা দেখা গৈছে।
জানিব পৰা মতে, এই বাজেট ১.২২ লাখ কোটি টকাৰ হ’ব। এই নতুন বাজেটখনত ২৫ খন নতুন বাজেট, প্ৰতিটো সমষ্টিত একোখন বিজ্ঞানসন্মত হাইস্কুল অন্তৰ্ভুক্ত থাকিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। লগতে তেওঁ কয় যে, এই বাজেটত আটাইতকৈ বেছি শিক্ষাত বিনিয়োগ কৰা হ’ব।
উল্লেখনীয় যে, প্ৰায় এমাহ জোৰ এক প্ৰস্তুতি তথা বিভিন্ন দল সংগঠনৰ ব্যক্তি তথা প্ৰতিষ্ঠানৰ পৰামৰ্শৰ ভিক্তিত এই বাজেট প্ৰস্তুত কৰা হৈছে। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি শাসিত চৰকাৰখনৰ বাজেটত প্ৰকৃততে নিৰ্বাচনমুখী বাজেট হ'ব নিকি অথবা চৰকাৰ বাজেটৰ মূল লক্ষ্য কি হ'ব সেয়া নিশ্চয় লক্ষণীয় হ'ব ৷ ৰাজ্যত যিদৰে ৰন্ধন গেছৰ মূল্যকে আদি কৰি পেট্ৰ’ল, ডিজেল আৰু অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, ইয়ে জনসাধাৰণত চিন্তাত পোলাইছে। সকলোৱে আজিৰ বাজেটৰ ওপৰত নিজৰ দৃষ্টি নিবদ্ধ ৰাখিছে যাতে ই তেওঁলোকৰ কল্যাণমুখী হয়। সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিকভাৱে ৰাজ্যখনৰ সামগ্ৰীক উন্নয়ন কৰিব পৰাকৈ এই বাজেট জনমুখী হ'ব নে সেইটো বাজেট দাখিলৰ পিছতহে অধিক স্পষ্ট হৈ পৰিব।
Published by: Sehnaz Begum
FIRST PUBLISHED : March 16, 2023, 13:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।