মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বাজেটত কি কি থাকিব? মুখ্যমন্ত্ৰীৰ উপস্থিতিত চূড়ান্ত বাজেট প্ৰস্তুতিৰ বৈঠক

বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বাজেটত কি কি থাকিব? মুখ্যমন্ত্ৰীৰ উপস্থিতিত চূড়ান্ত বাজেট প্ৰস্তুতিৰ বৈঠক

News18 Assam | News18-Assam
Updated:July 9, 2021, 5:40 PM IST
বিত্ত মন্ত্ৰী অজন্তা নেওগৰ বাজেটত কি কি থাকিব? মুখ্যমন্ত্ৰীৰ উপস্থিতিত চূড়ান্ত বাজেট প্ৰস্তুতিৰ বৈঠক
বিত্ত মন্ত্ৰী অজন্তা নেওগে বিধানসভাৰ মজিয়াত অহা ১৬ জুলাইত বাজেট দাখিল কৰিব৷

বিত্ত মন্ত্ৰী অজন্তা নেওগে বিধানসভাৰ মজিয়াত অহা ১৬ জুলাইত বাজেট দাখিল কৰিব৷

  • Share this:
প্ৰায় এমাহজোৰা প্ৰস্তুতিৰে ৰাজ্যৰ প্ৰথমগৰাকী বিত্ত মন্ত্ৰী অজন্তা নেওগে প্ৰস্তুত কৰি উলিয়াইছে ২০২১-২২ বৰ্ষৰ বাজেট৷ এইক্ষেত্ৰত বিভিন্ন অৰ্থনীতিবিদ, উদ্যোগিক সংস্থাৰ পৰা পৰামৰ্শও গ্ৰহণ কৰে৷ ইয়াৰ পিছতে শুকুৰবাৰে দুপৰীয়াৰ পৰা মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিভিন্ন বিভাগৰ মূৰব্বীৰ সৈতে চূড়ান্ত কৰে বাজেট৷

১২ জুলাইৰ পৰা আৰম্ভ হ'ব ১৫ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন৷ ইয়াৰ বাবে এমাহ জোৰা প্ৰস্তুতিৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে প্ৰস্তুত কৰি উলিয়াইছে ২০২১-২২ বৰ্ষৰ বাজেট৷ বাজেট প্ৰস্তুতিৰ বাবে বিত্ত মন্ত্ৰী অজন্তা নেওগে বহু অৰ্থনীতিবিদ, উদ্যোগ খণ্ডৰে জড়িত সংস্থাৰ পৰা ল'লে পৰামৰ্শ৷

একেদৰে চৰকাৰী প্ৰতিটো বিভাগৰ পৰা ল'লে বাজেট সম্পৰ্কীয় খতিয়ান৷ লগতে নিৰ্বাচনী প্ৰতিশ্ৰুতিমৰ্মে বাজেটত টাৰ্গেট কৰি ল'লে এক লাখ যুৱক-যুৱতীক নিযুক্তিৰ প্ৰক্ৰিয়াক৷ সকলো বিভাগৰ পৰা খালী হৈ থকা পদসমূহৰ তালিকা লৈ ইতিমধ্যে সেইবোৰ পদত কেনেদৰে নিযুক্তি দিব পৰা তাক লৈও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে বহি আলোচনাত মিলিত হৈছে বিত্ত মন্ত্ৰী অজন্তা নেওগ৷

শুকুৰবাৰে দুপৰীয়াৰ পৰা এক পাঁচ ঘণ্টীয়া বৈঠকত মিলিত হয় বিত্ত মন্ত্ৰী নেওগ৷ মুখ্যমন্ত্ৰীৰ ড° শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত ৰাজ্যৰ প্ৰায় সকলো বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে৷ এই বৈঠকতে ২০২১-২২ বৰ্ষৰ বাজেটখনৰ চূড়ান্ত ৰূপটো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰ্যবেক্ষণ কৰে৷

ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিত্ত মন্ত্ৰী অজন্তা নেওগক বিৰোধীয়ে পূৰ্বতে কৈ অহা পৰামৰ্শবোৰ বাজেটত সন্নিৱিষ্ট কৰিবলৈ দাবী জনায়৷ লগতে পূৰ্বৰ বাজেটত কৰা ঘোষণাবোৰ কিমান শতাংশ BJP চৰকাৰে কাৰ্যকৰী কৰিলে তাৰ ওপৰত এক শ্বেতপত্ৰ প্ৰকাশৰ দাবী কৰে৷

উল্লেখযোগ্য যে বিত্ত মন্ত্ৰী অজন্তা নেওগে বিধানসভাৰ মজিয়াত অহা ১৬ জুলাইত বাজেট দাখিল কৰিব৷
Published by: Sanjay Kumar Das
First published: July 9, 2021, 5:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি