২২ মে'ত কান চলচ্চিত্র মহোৎসৱৰ মূল ছবিঘৰ ‘অলিম্পিয়া থিয়েটাৰ'ত 'বুম্বা ৰাইড’ (Boomba Ride) প্রদর্শন কৰিবলৈ নির্বাচিত কৰিছিল কেন্দ্রীয় চৰকাৰৰ চলচ্চিত্র মহোৎসৱ সঞ্চালকালয়ে। সেই অনুসৰি ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত চলচ্চিত্ৰখন প্ৰদৰ্শিত হয়।
চলচ্চিত্ৰখনৰ এই কৃতিত্ব সন্দৰ্ভত পৰিচালক বিশ্বজিত বৰাই কয়- ''কাঁ চলচ্চিত্ৰ মহোৎসৱত (Cannes Film Festival) আমাৰ ছবিখন প্ৰদৰ্শন কৰাৰ এই সুন্দৰ সুযোগ দিয়াৰ বাবে মই ভাৰত চৰকাৰ, এন এফ ডি চি আৰু কাঁৰ প্ৰতি কৃতজ্ঞ। মই অতি আশাবাদী যে ছবিখনক বিতৰক, প্ৰদৰ্শক আৰু দৰ্শকে আদৰি ল’ব।''
পৰিচালক বৰাই কয়- ''স্বাধীন চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আমি আমাৰ ছবিসমূহ দৰ্শকক দেখুৱাব বিচাৰোঁ, কিন্তু আমাৰ হাতত মঞ্চ নাই …আমাক এই সুযোগ প্ৰদান কৰি ভাৰত চৰকাৰে এটা ডাঙৰ কাম কৰিলে।''
উল্লেখ্য, এই ছবিখনে কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ভিন্ন শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচন হোৱাৰ পিছতো এই চলচ্চিত্ৰখনক লৈ অসম চৰকাৰে পালন কৰা ভূমিকাক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।