মুখ্যপৃষ্ঠা »খবৰ »অসম »বাৰেচহৰীয়াই জাতিক অমৃত প্ৰদান কৰিছে: ভাওনা উদ্বোধন কৰি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বাৰেচহৰীয়াই জাতিক অমৃত প্ৰদান কৰিছে: ভাওনা উদ্বোধন কৰি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

দেশৰ সকলো ভাষাতে বাৰেচহৰীয়া ভাওনাক লৈ গৱেষণা গ্ৰন্থ প্ৰকাশৰ দায়িত্ব ল'লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

দেশৰ সকলো ভাষাতে বাৰেচহৰীয়া ভাওনাক লৈ গৱেষণা গ্ৰন্থ প্ৰকাশৰ দায়িত্ব ল'লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

দেশৰ সকলো ভাষাতে বাৰেচহৰীয়া ভাওনাক লৈ গৱেষণা গ্ৰন্থ প্ৰকাশৰ দায়িত্ব ল'লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

  • Share this:
জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাৰ তৃতীয়টো দিনত উপস্থিত থাকিল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিলে দ্বিতীয় দিনাৰ ভাওনা ৷ অনুষ্ঠানত উপস্থিত থাকি নিজকে কৃতাৰ্থ বুলি কৈ বাৰেচহৰীয়া ভাওনাক লৈ গৱেষণা গ্ৰন্থ প্ৰকাশৰ দায়িত্ব লৈ মন্ত্ৰী গৰাকীয়ে ক'লে, "মই জগন্নাথৰ ভূমিৰ পৰা অহা ৷ এই বৈকুণ্ঠধামলৈ আহি মই ধন্য হৈছো ৷ শ্ৰীকৃষ্ণৰূপী জনতাৰ দৰ্শন পালো ইয়ালৈ আহি ৷ ভাৰতক জানিবলৈ ব্ৰহ্মপুত্ৰক জানিবই লাগিব, একেদৰে এই জামুগুৰীহাটলৈ আহিলেহে অসম অহাতো সাৰ্থক বুলিব পাৰি ৷ বাৰেচহৰীয়া ভাওনাই শংকৰদেৱৰ আদৰ্শক প্ৰতিফলিত কৰিছে ৷ অসমীয়া সমাজ জীৱনৰ যুগপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৷ অসমীয়া সমাজ সংস্কৃতিক ভাৰতীয় সভ্যতা সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত সাঁকো গঢ়োতাৰ ভূমিকা পালন কৰিছিল শংকৰদেৱে ৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক জানিবলৈ হ'লে জামুগুৰিহাটলৈ আহিব লাগিব ৷ ইয়াৰ আৰ্কিটেক্ট, ৰূপসজ্জা সকলোৱে মোক অনন্য অনুভৱ প্ৰদান কৰিছে ৷ মই দায়িত্ব লৈছো বাৰেচহৰীয়া ভাওনাক লৈ দেশৰ সকলো ভাষাতে এখন গৱেষণামূলক গ্ৰন্থ প্ৰকাশ NBTৰ যোগেদি কৰাৰ ৷" ভাওনা উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ভাষণত জামুগুৰীহাটৰ বাৰেচহৰীয়া ভাওনাক বিশ্বদৰবাৰলৈ নিয়াৰ বাবে প্ৰচেষ্টা হাতত ল'ব বুলি কৈ ক'লে, "কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই কোৱাৰ দৰে বাৰেচহৰীয়াৰ ওপৰত এখন গৱেষণামূলক গ্ৰন্থ হ'ব ৷ দেশৰ সকলো ভাষাতে হ'ব গ্ৰন্থখন ৷ লাচিত বৰফুকনৰ জন্ম জয়ন্তী পালন কৰোঁতে বহুতে প্ৰশ্ন কৰিছিল কিয় লুকুৱাই ৰখা হৈছিল বীৰপুৰুষগৰাকীৰ গাথা ৷ হয়তো প্ৰচাৰৰ প্ৰতি আমি উদাস আছিলো ৷ বিশ্বৰ বুকুত স্থান দিব পৰাকৈ শেহতীয়াকৈ আমি কেইটামান কাম কৰিছোঁ ৷ আমি নিজৰ কথা কোৱা নাছিলো দেশক, জানিব খোজা কথা আমি বিশ্বক জনোৱা নাছিলো ৷ বিশ্বৰ বৰসবাহলৈ নিবলৈ ৰূপকোঁৱৰে অসমক লৈ সপোন দেখিছিল ৷ বৰদোৱাক আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ কাম চলি আছে  ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পাব চৰাইদেউৰ মৈদামে ৷ গুগলত চাৰ্ছ কৰিলে দেখো ২২৬বছৰীয়া এনে প্ৰচেষ্টা বিৰল বাৰেচহৰীয়াৰ দৰে ৷ শোণিতপুৰ জিলাৰ পৰাই আৰম্ভ হৈছিল অসমৰ আধুনিক সভ্যতা ৷ বানৰজাৰ পৰা এতিয়ালৈ ৷ বাৰেচহৰীয়া ভাওনাৰ পৰা লাভ কৰা আশীৰ্বাদৰ অমৃতৰে আমি আগবাঢ়ি যাম ৷ সামূহিক প্ৰচেষ্টাৰে কাম কৰাৰ আদৰ্শ এই জামুগুৰিহাটৰ পৰাই ল'ব পাৰি ৷ বাৰেচহৰীয়া এক অমোঘ শক্তি জাতিক প্ৰাণ দিয়াত ৷ বাৰেচহৰীয়া ভাওনাই জাতিক অমৃত প্ৰদান কৰক ৷ বাৰেচহৰীয়াক আমি বিশ্ব দৰবাৰলৈ লৈ যাম ৷"
দ্বিতীয় দিনাৰ ভাওনা উদ্বোধনী অনুষ্ঠানৰ আদৰণি ভাষণত বাৰেচহৰীয়া ভাওনা উদযাপন সমিতিৰ সভাপতি বিধায়ক পদ্ম হাজৰিকাই আদৰণি ভাষণত ক'লে এইদৰে, "গুৰুজনাৰ প্ৰতি জামুগুৰিহাটৰ ৰাইজৰ সংস্কাৰী যাত্ৰা এই বাৰেচহৰীয়া ভাওনা ৷ বাৰে মানে অনেক লোকৰ এই বাৰেচহৰীয়া ভাওনা ৷ ইয়াত কোনো টেণ্ট হাউচৰ কাম নাই ৷ ৪৫দিন ধৰি নিজেই কাম কৰে ৷ ইয়াৰ আৰ্কিটেক্ট আমাৰ ৰাইজেই ৷ কেনেকৈ হৈছে বুলি বহুতে সোধে, আৰ্কিটেক্ট কোন সোধে ৷ কেৰাচিন তেল নথকা দিনৰে পৰা ১৭৯৭চনৰ পৰা এই যাত্ৰা আৰম্ভ হৈছে ৷ সংযোজন নতুনকৈ ঘটিছে আই মাতৃ সমাৰোহৰ, প্ৰশিক্ষণ নতুন চামক দিয়া হৈছে, গোৰ্খা,আদিবাসী,মিছিং,নমসূদ্ৰৰ ভাওনা, স্মৃতি গ্ৰন্থও নতুন সংযোজন, হেৰাই যোৱা দবনি প্ৰথাৰো ঘটিছে সংযোজন ৷"—পদ্ম হাজৰিকা

শেহতীয়া বাতৰি