உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • এইবাৰ অসমত নহয় জনগণনা! কেন্দ্ৰীয় চৰকাৰে কৰিলে ঘোষণা

    এইবাৰ অসমত নহয় জনগণনা! কেন্দ্ৰীয় চৰকাৰে কৰিলে ঘোষণা

    অহা এপ্ৰিল মাহত সমগ্ৰ দেশত ঘৰে ঘৰে জনগণনাৰ কাম আৰম্ভ হ’ব।

    অহা এপ্ৰিল মাহত সমগ্ৰ দেশত ঘৰে ঘৰে জনগণনাৰ কাম আৰম্ভ হ’ব।

    অহা এপ্ৰিল মাহত সমগ্ৰ দেশত ঘৰে ঘৰে জনগণনাৰ কাম আৰম্ভ হ’ব।

    • Share this:
      পাৰ্থ জ্যোতি বৰা, ব্যুৰ’ চীফ, নতুন দিল্লীঃ আগন্তুক জনগণনাত অন্তৰ্ভুক্ত নহয় অসম। ১ এপ্ৰিল, ২০২০ ৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২০ লৈ জনসংখ্যা পঞ্জী যুগুতৰ কাৰণে আৰম্ভ হব লগীয়া প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত নহয় অসম ।সমগ্ৰ দেশতে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাৰণে হব লগীয়া প্ৰক্ৰিয়া কাৰ্যকৰী নহব অসমত । Register General of Citizen Registration ৰ পৰা প্ৰকাশ পোৱা এখন ৰাজপত্ৰিত জাননীত উল্লেখ কৰা হৈছে এই কথা । Citizenship (Registration of Citizens and Issue of National Identity Cards) Rule 2003 ৰ Rule 3 ৰ Sub Rule 4 ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে জনসংখ্যা পঞ্জী প্ৰস্তুত কৰে । এই নিয়মৰ Section 4 (A) অনুসৰি অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নতিকৰণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত নাগৰিকৰ পৰা আবেদন পত্ৰৰ যোগেদি ব্যক্তি আৰু পৰিয়ালৰ তথ্য সংগ্ৰহ কৰা হৈছে; সেয়ে Section 4ৰ অধীনত দেশৰ আন ৰাজ্যত হব লগীয়া door to door তথ্য সংগ্ৰহ প্ৰক্ৰিয়াত অসম অন্তৰ্ভুক্ত নহয় । অসমৰ বেলিকা Register General of Citizens Registration পৃথক ৰাজপত্ৰিত জাননীৰ যোগেদি অসমত এই প্ৰক্ৰিয়া আৰম্ভ কৰিব । আৰু প্ৰয়োজন সাপেক্ষে NRC এই নিয়মত সংযোজন কৰা হব ।

       
      First published: