৫ কোটি হেণ্ড ছেনিটাইজাৰ যোগানৰ লক্ষ্যৰে ৰাজ্যৰ আবকাৰী বিভাগৰ বিশেষ উদ্যোগ

News18 Assam | News18-Assam
Updated:March 29, 2020, 9:57 PM IST
৫ কোটি হেণ্ড ছেনিটাইজাৰ যোগানৰ লক্ষ্যৰে ৰাজ্যৰ আবকাৰী বিভাগৰ বিশেষ উদ্যোগ
ক’ৰোণা ভাইৰাছক প্ৰতিহত কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশতে অব্যাহত আছে ২১ দিনীয়া লকডাউন

ক’ৰোণা ভাইৰাছক প্ৰতিহত কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশতে অব্যাহত আছে ২১ দিনীয়া লকডাউন

  • Share this:
ক’ৰোণা ভাইৰাছক প্ৰতিহত কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশতে অব্যাহত আছে ২১ দিনীয়া লকডাউন। আজি লকডাউনৰ তৃতীয় দিন। এই সময়ছোৱাত যাতে হেণ্ড ছেনিটাইজাৰৰ কোনো ধৰণৰ নাটনি নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে।

২১ দিনীয়া লকডাউন ঘোষণা হোৱাৰ পূৰ্বেই অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সৈতে হোৱা আলোচনাৰ জৰিয়তে আবকাৰী বিভাগে ৰাজ্যখনৰ ৫ টাকৈ কোম্পানীক বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া গাইডলাইন মতে হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰিবলৈ অনুমতি প্ৰদান কৰিছিল।

কিন্তু সেয়াই পৰ্যাপ্ত নোহোৱাৰ সম্ভাৱনালৈ চাই বিভাগটোৱে আৰু ৬টা কোম্পানীক একেধৰণে হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰিবলৈ অনুমতি প্ৰদান কৰিছে বুলি জনাইছে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এই নতুন ৬ টা কোম্পানী হৈছেঃ

১। প্ৰগতি লিকুৱাৰ ইণ্ডাষ্ট্ৰীজ, চাংসাৰি, কামৰূপ
২। ৰুবি স্পিৰিট প্ৰাইভেট লিমিটেড, কামৰূপ মহানগৰ
৩। এৰ’মা ইণ্ডিয়া প্ৰাইভেট লিমিটেড, আমিনগাঁও, কামৰূপ
৪। স্পে বটলছ প্ৰাইভেট লিমিটেড, আজাৰা, কামৰূপ

৫। নৰ্থইষ্ট ডিষ্টিলেৰিছ প্ৰাইভেট লিমিটেড, খানাপাৰা, কামৰূপ মহানগৰ
৬। ছেভেন ছিষ্টাৰ ট্ৰেড এণ্ড ডিষ্টিলেৰিছ প্ৰাইভেট লিমিটেড, আমিনগাঁও, কামৰূপ

ইয়াৰ লগতে, বজাৰত একাংশ অসাধু ব্যৱসায়ীয়ে পৰ্যাপ্ত পৰিমাণে হেণ্ড ছেনিটাইজাৰ উপলব্ধ নোহোৱাৰ সুযোগ লৈ অত্যাধিক দামত যা’তে বিক্ৰী কৰিব নোৱাৰে তাৰ প্ৰতিও কঠোৰ দৃষ্টি ৰাখিছে বুলি জনাইছে আবকাৰী মন্ত্ৰীগৰাকীয়ে।

লকডাউনৰ সময়ছোৱাত যাতে ছেনিটাইজাৰক লৈ কোনো সমস্যাৰ উদ্ভৱ হ’ব নোৱাৰে বিশেষকৈ ভেজাল কৰি বিক্ৰী কৰিব নোৱাৰে আৰু হেণ্ড ছেনিটাইজাৰ ৰাজ্যৰ সকলো ঠাইতে চৰকাৰীভাৱে নিৰ্ধাৰণ কৰি দিয়া প্ৰকৃত মূল্যতহে বিক্ৰী কৰে তাৰ বাবেও বিভাগৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰোতে 'ড্ৰাগছ এণ্ড কছমেটিকছ এক্ট, ১৯৪০’ৰ বিধিসমূহ মানি চলাতো বাধ্যতামূলক। হেণ্ড ছেনিটাইজাৰ প্ৰস্তুতৰ বাবে ইতিপূৰ্বে অনুমোদন লাভ কৰা ৫টা কোম্পানী হৈছেঃ
১। চেনিটেনাৰী ডিষ্টিলাৰিছ এণ্ড বটলিং প্লাণ্ট, বৰাগাঁও, গুৱাহাটী
২। এছ’চিয়েটড এলকহ’ল এণ্ড বিভাৰেজ কোম্পানী, গড়মূৰ, যোৰহাট
৩। সুৰ্মা ডিষ্টিলাৰি প্ৰাইভেট
লিমিটেড, শিলচৰ, কাছাৰ
৪। ব্ৰহ্মপুত্ৰ বায়’কেম প্ৰাইভেট লিমিটেড, ছয়গাঁও, কামৰূপ
৫। ৰেডিয়েণ্ট এমএফজি প্ৰাইভেট লিমিটেড, খটখটি, কাৰ্বি আংলং

উল্লেখ্য যে, আবকাৰী বিভাগৰ আয়ুক্তৰ সৈতে হোৱা আলোচনাৰ পিছত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সংকটৰ সময়ছোৱাত জৰুৰী উদ্ভাৱনীমূলক পদক্ষেপ হিচাপে সুৰা প্ৰস্তুতকাৰী কোম্পানীসমূহক ছেনিটাইজাৰ প্ৰস্তুত কৰি স্বাস্থ্য বিভাগক প্ৰদান কৰিবলৈ ব্যৱস্থা হাতত লৈছে।

বিভাগটোৰ আহ্বান মৰ্মে লকডাউনৰ সময়ছোৱাত চিএছআৰৰ অংশ হিচাপে কোম্পানীসমূহে ৫ লাখ লিটাৰতকৈও অধিক ছেনিটাইজাৰ বিনামূলীয়াকৈ প্ৰদান কৰিব বুলিও সদৰী কৰিছে মন্ত্ৰীগৰাকীয়ে। আনহাতে অসমৰ লগতে চুবুৰীয়া মণিপুৰ আৰু নাগালেণ্ডলৈও হেণ্ড ছেনিটাইজাৰ যোগান ধৰিব বুলি জনাইছে। আবকাৰী বিভাগৰ এনে পদক্ষেপৰ কথা জানিব পাৰি ডিয়েগো ইণ্ডিয়াই ২০ লিটাৰৰ 20,000 ( বিশ হাজাৰ) বটল বিনামূলীয়াকৈ বিভাগটোক অৰ্পণ কৰাৰ বাবে প্ৰস্তুতি চলাইছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading