• Home
  • »
  • News
  • »
  • assam
  • »
  • পুনৰ কেতিয়া খুলিব সুৰাৰ বিপণী, সুৰাৰ হোম ডেলিভাৰীক লৈ কি ক’লে আবকাৰী মন্ত্ৰীয়ে?

পুনৰ কেতিয়া খুলিব সুৰাৰ বিপণী, সুৰাৰ হোম ডেলিভাৰীক লৈ কি ক’লে আবকাৰী মন্ত্ৰীয়ে?

  • Share this:
অসমত নহয় সুৰাৰ হোম ডিলিভাৰী৷ হোৱা নাই আবকাৰী বিভাগৰ সৈতে কোনো হোম ডিলিভাৰী প্ৰতিষ্ঠানৰ লগত চুক্তি৷ লক ডাউনৰ সময়চোৱাত আবকাৰী বিভাগে ৰাজহ সংগ্ৰহ কৰিলে ১০০ কোটি টকা৷ সুৰাপায়ী সুৰাপান কৰিবই৷ যাৰ বাবে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ দৰে ব’হাগৰ বিহুৰ সময়ছোৱাত অসম চৰকাৰেও ৰাজ্যত খুলি দিছিল সুৰাৰ বিপণীসমূহ৷ সেই সময়ছোৱাত আবকাৰী কৰ যাতে চুবুৰীয়া ৰাজ্যলৈ নাযায় আৰু ৰাজহ সংগ্ৰহ কৰিব পাৰে তাৰ বাবে খুলি দিছিল সুৰাৰ বিপণীসমূহ৷ এই মন্তব্য আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ।

শুক্লবৈদ্যই কয় – সেই সময়ছোৱাত অসমৰ আবকাৰী বিভাগে সংগ্ৰহ কৰিছে অভিলেখ সংখ্যক ৰাজহ৷ দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত সুৰাৰ বিপণী খোলাৰ পিছত সংগ্ৰহ কৰিছে প্ৰায় ১০০ কোটি টকাৰ ৰাজহ৷ ভেটৰ সৈতে মিলাই সুৰাৰ পৰা লাভ কৰিছে এই ৰাজহ৷ লকডাউনৰ সময়ত যিকেইদিন সুৰাৰ বিপণী খোলা হৈছিল সেই সময়তে চৰকাৰে লাভ কৰিছে এই বৃহৎ সংখ্যক ৰাজহ৷

নতুন বৰ্ধিত মূল্যৰ পৰিপ্ৰেক্ষিতত বিপণীসমূহত ৰৈ যোৱা পুৰণি ষ্টকৰ হিচাপ ল'বলৈহে বন্ধ হৈ আছে সুৰাৰ বিপণী৷ বাৰসমূহ খোলাক লৈ হোৱা নাই এই পৰ্যন্ত সিদ্ধান্ত৷ সুৰাৰ হোম ডেলিভাৰীৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে জমেট'ৰ লগত কোনো ধৰণৰ চুক্তি হোৱা নাই৷সুৰাৰ হোম ডেলিভাৰীৰ কথা এতিয়ালৈকে ভৱা নাই চৰকাৰে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি