অৱসান ঘটিত এক বৰ্ণিল পৰিক্ৰমাৰ! ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান

News18 Assam | News18-Assam
Updated:November 23, 2020, 5:50 PM IST
অৱসান ঘটিত এক বৰ্ণিল পৰিক্ৰমাৰ! ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান
অসমৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ দেহাৱসান। গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত চিকিত্‍সাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

অসমৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ দেহাৱসান। গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত চিকিত্‍সাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:
অসমৰ তিনিটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী, বৰ্ষীয়ান ৰাজনীতিবিদ তৰুণ গগৈৰ দেহাৱসান। গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত চিকিত্‍সাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰায় তিনিমাহ পূৰ্বে কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈক গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। পিছত যদিও কোৰোণাৰ পৰা গগৈ মুক্ত হ’ল, তথাপিও শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়তে ৰখা হৈছিল।

শনিবাৰৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। মেচিনৰ চাপোৰ্টত শ্বাস-প্ৰশ্বাস ল’বলগীয়া হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। বিকল হৈ পৰিছিল তৰুণ গগৈৰ শৰীৰৰ বহু কেইটা গুৰুত্বপূৰ্ণ অংগ। অচেতন হৈ পৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। আৰু অৱশেষত আজি পৃথিৱীৰ পৰা কায়িক ভাবে বিদায় লয় অসমৰ ৰাজনীতিৰ অন্যতম প্ৰভাৱশালী ব্যক্তিগৰাকীয়ে। দেওবাৰে তৰুণ গগৈৰ স্বাস্থ্য শনিবাৰৰ তুলনাত কিছু সুস্থিৰ হৈছিল যদিও, সোমবাৰে পুৱা অধিক অৱনতি ঘটে বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ স্বাস্থ্য।

উল্লেখযোগ্য যে, কোৰোণাৰ পৰা সুস্থ হৈ উঠাৰ পিছত  দুৰ্গা পূজাৰ কেইদিনমান পূৰ্বে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক চিকিত্‍সালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল। বাসগৃহতো তৰুণ গগৈৰ স্বাস্থ্য চিকিত্‍সকৰ এটা দলে তদাৰক কৰি আছিল। কিন্তু পুনৰ তৰুণ গগৈয়ে পুনৰ উশাহ-নিশাত কষ্ট পোৱাত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। আৰু তেতিয়াৰ পৰাই চিকিত্‍সকৰ তদাৰকত আছিল প্ৰাক্তন মুক্যমন্ত্ৰীগৰাকী।

তৰুণ গগৈৰ মৃত্যুত এতিয়া সমগ্ৰ ৰাজ্যতে গভীৰ শোকৰ ছাঁ পৰিছে। দীৰ্ঘদিন অসমৰ ৰাজনীতিত দপদপাই থকা তৰুণ গগৈৰ মৃত্য কেৱল কংগ্ৰেছ দলৰেই নহয়, সমগ্ৰ ৰাজ্যখনৰ বাবেই অপূৰণীয় ক্ষতি।
Published by: Himangshu Bhuyan
First published: November 23, 2020, 5:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading