• Home
  • »
  • News
  • »
  • assam
  • »
  • কোন বিজেপি নেতাৰ প্ৰশংসাত পঞ্চমুখ তৰুণ গগৈ?

কোন বিজেপি নেতাৰ প্ৰশংসাত পঞ্চমুখ তৰুণ গগৈ?

তৰুণ গগৈয়ে ফাদিল কৰিব বহু প্ৰবীণ কংগ্ৰেছীৰ গোপন ৰহস্য!

তৰুণ গগৈয়ে ফাদিল কৰিব বহু প্ৰবীণ কংগ্ৰেছীৰ গোপন ৰহস্য!

তৰুণ গগৈয়ে ফাদিল কৰিব বহু প্ৰবীণ কংগ্ৰেছীৰ গোপন ৰহস্য!

  • Share this:
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এইবাৰ কৰিছে নতুন পৰিকল্পনা । ফাদিল কৰিব বহু প্ৰবীণ কংগ্ৰেছীৰ গোপন ৰহস্য । বৰ্ষীয়ান নেতা জনে ৰাজনীতিৰ পথাৰত পাৰ কৰিছে প্ৰায় অৰ্ধ শতিকাৰ। এই দীর্ঘ সময়ছোৱাত সান্নিধ্য পাইছে ইন্দিৰা গান্ধী, সঞ্জয় গান্ধী, দেৱকান্ত বৰুৱা, ৰাজীৱ গান্ধী, প্ৰণৱ মুখাৰ্জী, পি ভি নৰসিংহ ৰাও, ছোনিয়া গান্ধী, বিশ্বনাথ প্ৰতাপ সিং আদি বহু কংগ্ৰেছীৰ ।

এতিয়া এইসকলৰ বিষয়ে লিখাৰ সময়! অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লিখি আছে দ্বিতীয় খন গ্রন্থ। ইংৰাজী ভাষাত লিখি থকা গ্ৰন্থ খনত থাকিব বহু কংগ্ৰেছীৰ আগতে প্ৰকাশ নোহোৱা কথা । ফাদিল হব বহুতৰ দলীয় ষড়যন্ত্ৰ আৰু গগৈক পদে পদে চিপৰাং মাৰিবলৈ ষড়যন্ত্ৰ কৰা কংগ্ৰেছীৰ কথা । সোমবাৰে দিল্লীত এই কথা জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। গ্ৰন্থ খনত স্থান পাব মুখ্যমন্ত্ৰী হিচাপে গগৈৰ বাজপায়ী চৰকাৰৰে সম্বন্ধৰ কথাও। ।

বাজপায়ী আৰু আদৱানীৰে খুব ভাল সম্পৰ্ক আছিল বুলি দাবী কৰে গগৈয়ে।  প্ৰথমটো NDA শাসনত আদৱানীয়ে KPS Gillক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিব বিচাৰিছিল কিন্তু গীলৰ বিৰূদ্ধে গুপ্তহত্যাৰ অভিযোগ থকাৰ কাৰণে গগৈয়ে বিৰোধিতা কৰিছিল কেন্দ্ৰৰ এই সিদ্ধান্তক। আদৱানীয়েও গগৈক সমৰ্থন জনাই গীলক ৰাজ্যপাল নিযুক্তি দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছিল ।

অসমৰ অৰ্থনৈতিক উত্তৰণৰ কাৰণেও গগৈক যথেষ্ট সহায় কৰিছিল বাজপায়ী চৰকাৰে । আনকি কেন্দ্ৰীয় চৰকাৰে Operation All Clearৰ বিষয়ও পূৰ্বতেই অৱগত কৰিছিল গগৈক ।  এনেবোৰ বহু কথাই লিখিছে গগৈয়ে গ্ৰন্থ খনত ।

হিমন্ত বিশ্ব শৰ্মাৰে ৰাজনৈতিক সংঘাতে কেনেকৈ, কি ৰূপ লৈছিল সেই বিষয়েও লিখিছে বৰ্ষীয়ান কংগ্ৰেছীজনে। দিল্লীত শৰ্মাক কোন কোন কংগ্ৰেছীয়ে গগৈ হটাও অভিযানত সহায় কৰিছিল সেই কথাবোৰো নিগৰিছে গগৈৰ কলমত ।

গগৈৰ গ্ৰন্থত এইবাৰ পত্নী ডলী গগৈৰ কথাও বিশেষ ভাবে স্থান পাইছে । ৰাজনৈতিক জীৱনত পত্নীৰ অৱদানৰ কথা অকপতে স্বীকাৰ কৰি গগৈয়ে কয় তেখেতে ঘৰখনৰ দায়িত্ব নোলোৱা হেতেন তেওঁ ৰাজনীতিত ইমান দূৰ আগবাঢ়িব নোৱাৰিলেহেঁতেন ।
Published by:Himangshu Bhuyan
First published: