দিল্লীত এখনো আসন নাপালে কংগ্ৰেছে, তৰুণ গগৈ সুখী!

News18 Assam | News18-Assam
Updated:February 12, 2020, 3:26 PM IST
দিল্লীত এখনো আসন নাপালে কংগ্ৰেছে, তৰুণ গগৈ সুখী!
মোদী আৰু অমিত শ্বাহৰ দমন নীতিৰ যোগ্য প্ৰত্যুত্তৰ দিল্লীবাসীয়ে দিলে বুলি মন্তব্য কৰি দিল্লীত বিজেপিৰ পৰাজয়ক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

মোদী আৰু অমিত শ্বাহৰ দমন নীতিৰ যোগ্য প্ৰত্যুত্তৰ দিল্লীবাসীয়ে দিলে বুলি মন্তব্য কৰি দিল্লীত বিজেপিৰ পৰাজয়ক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।

  • Share this:
দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ সুখী জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। দিল্লীত কংগ্ৰেছে এখনো আসন নেপালেও এটা বিশেষ কাৰণত সুখী তৰুণ গগৈ। কাৰণ গগৈৰ মতে কংগ্ৰেছ তথা দেশৰ ১ নম্বৰ শত্ৰু বিজেপিয়ে ভালদৰে মুখথেকেছা খালে দিল্লীত।

মোদী আৰু অমিত শ্বাহৰ দমন নীতিৰ যোগ্য প্ৰত্যুত্তৰ দিল্লীবাসীয়ে দিলে বুলি মন্তব্য কৰি দিল্লীত বিজেপিৰ পৰাজয়ক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপিৰ সকলো শক্তিৰ বিৰুদ্ধে এজন ব্যক্তিয়ে অকলেই যুঁজ দি জয়ী হোৱা ঘটনাৰ শলাগ লয় তৰুণ গগৈয়ে। অৰবিন্দ কেজৰিৱালৰ ভূয়সী প্ৰশংসা কৰে গগৈয়ে।

আনহাতে, বিধায়ক আমিনুল ইছলামে আহোমসকলক লৈ কৰা মন্তব্যৰ বাবে আমিনুল ইছলামক মূৰ্খ আখ্যা দিলে তৰুণ গগৈয়ে। গগৈয়ে কয় যে আহোমসকলৰ ছশবছৰীয়া ৰাজত্বৰ বিষয়ে সকলোৱে জানে তথা অসমৰ সংস্কৃতি, জনজীৱনলৈ আহোমসকলৰ অৱদানৰ বিষয়ে সকলোৱে জানে। গতিকে এনেধৰণৰ বক্তব্যৰে সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱাৰ চেষ্টা কৰে আমিনুল ইছলামৰ দৰে লোকসকলে।

নাগৰিকত্ব সঙশোধনী আইন সন্দৰ্ভতো এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে তৰুণ গগৈয়ে। জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে অসমত বিজেপিৰ সৰহ সংখ্যক নেতাই CAAৰ বিৰোধিতা কৰে। আনহাতে বিটিএডিত নতুন ৰাজনৈতিক দল গঠন কৰিবলৈ কুচকাৱাজ চলা সন্দৰ্ভত তৰুণ গগৈয়ে কয় যে বিজেপিৰ সহযোগতে গঠন হ’ব পাৰে এই নতুন ৰাজনৈতিক দলটো। ইয়ালৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰো সমৰ্থন আছে। এইসকল লোকক পিছলৈ বিজেপিলৈ অনাৰ এয়া এক প্ৰচেষ্টা আখ্যা দিয়ে গগৈয়ে।
অসমত বিজেপিয়ে খিলঞ্জীয়া মুছলমান লোকসকলৰ গণনা কৰিবলৈ লোৱা সিদ্ধান্ত সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে খিলঞ্জীয়া হিচাবে কাকো বিবেচনা কৰিব নেলাগে । অসমীয়া হিচাবেহে বিবেচনা কৰিব লাগে । অসমীয়াৰ সঙজ্ঞাক লৈহে অধিক গুৰুত্ব প্ৰদান কৰাৰ পোষকতা কৰে তৰুণ গগৈয়ে ।
আৰু চাওক
পৰৱৰ্তী বাতৰি