ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য

News18 Assam | News18-Assam
Updated:November 23, 2020, 7:46 PM IST
ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য
আজি নিশা GMCHতে থাকিব তৰুণ গগৈৰ নশ্বৰদেহ। কাইলৈ পুৱা নশ্বৰদেহ লৈ যোৱা হ'ব চৰকাৰী বাসগৃহলৈ।

আজি নিশা GMCHতে থাকিব তৰুণ গগৈৰ নশ্বৰদেহ। কাইলৈ পুৱা নশ্বৰদেহ লৈ যোৱা হ'ব চৰকাৰী বাসগৃহলৈ।

  • Share this:
ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য। ২৬ নৱেম্বৰত শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। জনতাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে তিনিদিন ৰখা হ’ব গগৈৰ নশ্বৰদেহ। অৱশ্যে গগৈৰ নশ্বৰদেহ জন্মস্থান তিতাবৰলৈ নিয়া হ’বনে নহয় সেই সিদ্ধান্ত এতিয়াও হোৱা নাই।

আজি নিশা GMCHতে থাকিব তৰুণ গগৈৰ নশ্বৰদেহ। কাইলৈ পুৱা নশ্বৰদেহ লৈ যোৱা হ'ব চৰকাৰী বাসগৃহলৈ। চৰকাৰী বাসগৃহৰ পৰা লৈ যোৱা হ'ব সচিবালয় আৰু ৰাজীৱ ভৱনলৈ।পৰিদৰ্শন কৰাব এটা মন্দিৰ, এটা মছজিদ, গুৰুদ্বাৰ আৰু গিৰ্জা। তাৰ পিছতে নশ্বৰ দেহ লৈ যোৱা হ'ব কলাক্ষেত্ৰলৈ। উল্লেখযোগ্য যে আজি বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by: Sanjay Kumar Das
First published: November 23, 2020, 7:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading