• Home
  • »
  • News
  • »
  • assam
  • »
  • বিজেপিৰ শীৰ্ষ নেতৃত্বই দিল্লীলৈ মাতি পঠিয়ালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক, কেন্দ্ৰীয় মন্ত্ৰী সভাত স্থান লাভৰ সম্ভাৱনা!

বিজেপিৰ শীৰ্ষ নেতৃত্বই দিল্লীলৈ মাতি পঠিয়ালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক, কেন্দ্ৰীয় মন্ত্ৰী সভাত স্থান লাভৰ সম্ভাৱনা!

ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী দিল্লীত উপস্থিত হৈছেগৈ বুলি জানিব পৰা গৈছে।

ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী দিল্লীত উপস্থিত হৈছেগৈ বুলি জানিব পৰা গৈছে।

ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী দিল্লীত উপস্থিত হৈছেগৈ বুলি জানিব পৰা গৈছে।

  • Share this:
দিল্লীলৈ উপস্থিত হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । নতুন চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথমবাৰলৈ দিল্লীত উপস্থিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।বৰ্তমান দিল্লীৰ নিজা বাসগৃহতে বাহৰ পাতিছে সোণোৱালে।

উল্লেখ্য যে,  অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰ গঠন হোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ এয়া প্ৰথম দিল্লী যাত্ৰা। দিল্লীত তেওঁ বিজেপিৰ শীর্ষ  কেন্দ্ৰীয় নেতৃত্বক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । ইফালে  প্রাক্তন মুখ্যমন্ত্ৰীগৰাকীক কেন্দ্ৰীয় কেবিনেটত অন্তৰ্ভুক্ত কৰাৰ লগতে দলৰ উত্তৰ পূৱ সম্বন্ধীয় গুৰু দায়িত্ব প্ৰদান কৰা হ’ব বুলি বিভিন্ন মহলত চৰ্চা চলি আছে। কিন্তু দলে বা দলৰ কোনো শীর্ষ নেতাই এই সন্দৰ্ভত কোনো ধৰণৰ অনুষ্ঠানিক মন্তব্য প্ৰদান কৰা নাই।

ইফালে  দিল্লীলৈ যোৱাৰ আগমুহুৰ্তত সাংবাদিকৰ আগতো কোনো মন্তব্য কৰা নাছিল সৰ্বানন্দ সোণোৱালে। সৰ্বানন্দ সোণোৱাৰ লগত একেখন বিমানতে দিল্লীলৈ ৰাওনা হৈছিল জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাও । দিল্লীত কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰীৰ সৈতে মন্ত্ৰী হাজৰিকাই বৈঠকত বহাৰ সম্ভাৱনা।
Published by:Himangshu Bhuyan
First published: