உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Nagaon Encounter : ৰূপহীত ড্ৰাগছ মাফিয়াক এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত ঢলি পৰিল দুৰ্ধৰ্ষ ডকাইত জাহাঙ্গীৰ

    Nagaon Encounter : ৰূপহীত ড্ৰাগছ মাফিয়াক এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত ঢলি পৰিল দুৰ্ধৰ্ষ ডকাইত জাহাঙ্গীৰ

    জাহাঙ্গীৰৰ সৈতে ৰৌচন বিবি নামৰ আন এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীৰ দলটোৱে।

    জাহাঙ্গীৰৰ সৈতে ৰৌচন বিবি নামৰ আন এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীৰ দলটোৱে।

    জাহাঙ্গীৰৰ সৈতে ৰৌচন বিবি নামৰ আন এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীৰ দলটোৱে।

    • Share this:
    বছৰৰ আৰম্ভণিতে নগাঁও আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে ড্ৰাগছবিৰোধী অভিযান। নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ গুলীত আহত হৈছে চামগুৰিৰ দুৰ্ধৰ্ষ ডকাইত তথা ড্ৰাগছ মাফিয়া জাহাঙ্গীৰ আলম। জানিব পৰা মতে, চামগুৰিৰ শিঙিমাৰীত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডে গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই লক্ষাধিক টকাৰ ব্ৰাউন ছুগাৰ সহ জাহাঙ্গীৰ আলম নামৰ ড্ৰাগছ মাফিয়াটোক আটক কৰে। কিন্তু জাহাঙ্গীৰে আৰক্ষীক ওলোটাই আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে। ইয়াৰ পিছতে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ জোৱানে জাহাঙ্গীৰৰ ভৰিত গুলীচালনা কৰিবলৈ বাধ্য হয়। গুলীবিদ্ধ জাহাঙ্গীৰক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। আনহাতে জাহাঙ্গীৰৰ সৈতে ৰৌচন বিবি নামৰ আন এগৰাকী মহিলাকো গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীৰ দলটোৱে।
    Published by:Sanjay Kumar Das
    First published: