বিশ্বনাথৰ তিনি সমষ্টিত কোনে মাৰিব শেষ হাঁহি? কংগ্ৰেছৰ মান ৰাখিব পাৰিবনে ৰিপুণ বৰাই?

News18 Assam | News18-Assam
Updated:May 1, 2021, 10:42 PM IST
বিশ্বনাথৰ তিনি সমষ্টিত কোনে মাৰিব শেষ হাঁহি? কংগ্ৰেছৰ মান ৰাখিব পাৰিবনে ৰিপুণ বৰাই?
পুৱা ৭ বজাৰ পৰা প্ৰতিটো ভোটগননা কেন্দ্ৰত আৰম্ভ হ'ব ভোটগণনা ৷ ইতিমধ্যে সাজু কৰি তোলা হৈছে প্ৰতিটো ভোটগণনা কেন্দ্ৰ ৷

পুৱা ৭ বজাৰ পৰা প্ৰতিটো ভোটগননা কেন্দ্ৰত আৰম্ভ হ'ব ভোটগণনা ৷ ইতিমধ্যে সাজু কৰি তোলা হৈছে প্ৰতিটো ভোটগণনা কেন্দ্ৰ ৷

  • Share this:
বহু প্ৰতীক্ষাৰ অন্তত কাইলৈ ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। পুৱা ৭ বজাৰ পৰা প্ৰতিটো ভোটগণনা কেন্দ্ৰত আৰম্ভ হ'ব ভোটগণনা ৷ ইতিমধ্যে সাজু কৰি তোলা হৈছে প্ৰতিটো ভোটগণনা কেন্দ্ৰ ৷ ফলাফলৰ পূৰ্বে এতিয়া প্ৰতিটো ৰাজনৈতিক দলেই  ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ অংকত। এইবাৰ নিৰ্বাচনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ তিনিটাকৈ বিধানসভা সমষ্টি। বিশ্বনাথ জিলাৰ তিনিটাকৈ সমষ্টিত কোনে মাৰিব শেষ হাঁহি? গহপুৰত কংগ্ৰেছৰ মান ৰক্ষা কৰিব পাৰিবনে ৰিপুণ বৰাই? বিহালীত ৰঞ্জিত দত্তৰ ভেঁটি খহিব নেকি? বিশ্বনাথত প্ৰমোদ বৰঠাকুৰৰ ভাগ্য আকৌ ফুলিব নেকি? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দেওবাৰে বিয়লিলৈ হৈ পৰিব স্পষ্ট ৷

বিহালী সমষ্টিঃ

বিশ্বনাথ জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে বিহালী ৷ বিহালীৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে  কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৷ বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্তৰ সমষ্টিটোত আছে সবল ভেঁটি ৷ সমষ্টিটোত কংগ্ৰেছে এইবেলি প্ৰাৰ্থী প্ৰক্ষেপ নকৰি মিত্ৰতাৰ স্বাৰ্থত এৰি দিলে চি পি আই (এম এল)ক ৷ কিছু পৰিমাণে  চি পি আই (এম এল)ৰ ভেঁটি থকা সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে সংগ্ৰামী নেতা বিবেক দাসে ৷ অৱশ্য প্ৰতিবাৰেই চাহ জনজাতি আৰু নেপালী সম্প্ৰদায়ৰ ভোটাৰে নিৰ্ণায়ক ভুমিকা গ্ৰহণ কৰা সমষ্টিটোত  ৰঞ্জিত দত্ত জয়ী   হোৱাৰ সম্ভাৱনা অধিক বুলি চলিচে চৰ্চা ৷

বিশ্বনাথ সমষ্টিঃ

ছবি স্পষ্ট নহয় বিশ্বনাথ বিধানসভা সমষ্টিৰ ৷ অগপৰ দখলত থকা সমষ্টিটোত ২০১৬ চনত বিজেপিৰ টিকট লাভ কৰি কংগ্ৰেছ প্ৰাৰ্থী নুৰজামাল সৰকাৰক পৰাভূত কৰি জয়লাভ কৰিছিল প্ৰমোদ বৰঠাকুৰে ৷ কিন্তু বিগত পাঁছটা বছৰে বিধায়ক গৰাকীৰ কাম কাজক লৈ সমষ্টিৰ ৰাইজ সন্তুষ্ট যদিও সন্তুষ্ট নহয় দলীয় কৰ্মীহে ৷ যাৰ পৰিপেক্ষিতত নিৰ্বাচনৰ পূৰ্বে দলীয় কৰ্মীৰ ক্ষোভ দূৰ কৰিবলৈ আহিবলগীয়া হয় খোদ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰাৰ লগতেই মূল প্ৰতিদ্বন্দিতা হোৱাটো প্ৰায় খাটাং হৈ পৰিছে বিজেপি প্ৰাৰ্থী প্ৰমোদ বৰঠাকুৰৰ ৷ বিশেষকৈ যুৱ সমাজৰ মাজত বিশেষভাৱে জনপ্ৰিয় অঞ্জন বৰাৰো ভেটি কিছু পৰিমাণে সবল সমষ্টিটোত ৷ পূৰ্বে নুৰজামাল চৰকাৰে সমষ্টিটোৰ পৰা টিকট লাভ কৰি আহিছিল যদিও এইবেলি কংগ্ৰেছে নতুন মুখ প্ৰক্ষেপ কৰিছে সমষ্টিটোত ৷ টিকট লাভ নকৰা নুৰজামাল সৰকাৰৰ একাংশ ঘনিষ্ঠই কংগ্ৰেছ প্ৰাৰ্থী গৰাকীক চিপৰাং মাৰিছে বুলিও সমষ্টিটোত চৰ্চা চলিছে ৷ সংখ্যালঘু আৰু চাহ জনজাতিয় ভোটাৰে নিৰ্ণায়ক ভুমিকা পালন কৰিবলগীয়া সমষ্টিটোত খুৱ কম ভোটত বিধায়ক নিৰ্বাচিত হোৱাৰ সম্ভাৱনা অধিক ৷

গহপুৰ সমষ্টিঃ

এইবেলি আকৰ্ষণীয় হ'ব জিলাখনৰ আন এটা সমষ্টি গহপুৰৰ যুঁজখন ৷ গহপুৰ সমষ্টিৰ পৰা মুঠ চাৰিগৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে যদিও সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ ওপৰত ৷ বাহ্যিক দৃষ্টিৰ সকলোৰে মুখে মুখে এটাই কথা মূল যুঁজখন হ'ব বিজেপিৰ উৎপল বৰা আৰু  কংগ্ৰেছৰ ৰিপুণ বৰাৰ মাজত ৷ দুয়োৰে মাজত হ'ব তীব্ৰ যুঁজ। একাংশই যদি কয়, কংগ্ৰেছৰ ৰিপুণ বৰা জয়ী হোৱাটো নিশ্চিত তাৰ বিপৰীতে আন একাংশৰ মতে বিজেপিৰ উৎপল বৰা পুনৰ হ'ব বিধায়ক। বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপুষ্ট  গহপুৰ সমষ্টিত  মিচিং আৰু বড়ো ৰাইজৰ ভোট বিজেপিয়ে বেছি লাভ কৰিছে বুলি চৰ্চিত হৈ থকাৰ সময়তে কংগ্ৰেছে চাহ জনজাতীয় লোকৰ  ভোট যথেষ্ট পৰিমাণে লাভ কৰিছে বুলি চৰ্চা চলিছে। সেয়েহে কাৰ উদয় হ'ব ভাগ্য, তাক লৈ সমষ্টিটোত চলিছে জলপনা-কল্পনা ৷
Published by: Himangshu Bhuyan
First published: May 1, 2021, 10:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি