অসমৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম আছে তালিকাৰ সকলোতকৈ শীৰ্ষত। যাৰ সম্পত্তিৰ পৰিমাণ দ্বিতীয়বাৰলৈ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত অভাৱনীয় ভাবে বৃদ্ধি পায়। এই তালিকাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নামো অন্তৰ্ভুক্ত হৈ আছে।
নিৰ্বাচনৰ প্ৰাকক্ষণত এছচিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ চমুকৈ এ ডি আৰৰ শেহতীয়া প্ৰতিবেদনত স্পষ্ট হৈছে এই তথ্য। সংস্থাটোৱে ৰাজ্যৰ ৩৪ জন বিধায়কৰ সম্পত্তিৰ ওপৰত অধ্যয়ন কৰি এই প্ৰতিবেদন প্ৰকাশ কৰিছে। তথ্য অনুসৰি, মাত্ৰ ৫ বছৰৰ ব্যৱধানত এইসকল জনপ্ৰতিনিধিৰ সম্পত্তিৰ পৰিমাণ ৯৫ শতাংশ বৃদ্ধি পালে।
২০১১ৰ পিছত ২০১৬ৰ নিৰ্বাচনত জয়লাভ কৰিছিল ইয়াৰে অধিকাংশ বিধায়কে। মন্ত্ৰী চন্দন ব্ৰহ্মৰ ২০১১ চনত সম্পত্তিৰ পৰিমাণ আছিল ২.৬০ কোটি টকা। ২০১৬ চনত সম্পত্তিৰ পৰিমাণ হয়গৈ ৯.৫৮ কোটি টকা। চন্দন ব্ৰহ্মৰ পিছতে আছে AIUDFৰ যমুনামুখ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহীম আজমল, কংগ্ৰেছৰ লাহৰিঘাটৰ বিধায়ক নজৰুল ইছলাম, বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ প্ৰফুল্ল কুমাৰ মহন্ত।
ৰিপৰ্ট মতে, ২০১৬ত দ্বিতীয়বাৰলৈ বিধায়ক নিৰ্বাচিত হোৱা বিধায়কৰ সম্পত্তিৰ গড় বৃদ্ধি ১.৪৮ কোটি টকা। এ ডি আৰৰ প্ৰতিবেদনত কোৱা হৈছে যে, ২০১১ চনত এই ৩৪ জন বিধায়কৰ গড় সম্পত্তিৰ পৰিমাণ আছিল ১.৫৬ কোটি টকা। কিন্তু ২০১৬ চনত তেওঁলোকৰ গড় সম্পত্তিৰ পৰিমাণ হ'লগৈ ৩.০৪ কোটি টকা। শতকৰা হিচাপত এয়া ৯৫ শতাংশ বৃদ্ধি।
পাঁচ বছৰত সম্পত্তি আহৰণৰ জৰিয়তে এ ডি আৰৰ স্থান লাভ কৰা বিধায়কসকল ক্ৰমে, শ্বেৰমান আলী আহমেদ), পদ্ম হাজৰিকা, ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, ৰিহণ দৈমাৰী, নৱ কুমাৰ দলে, জামালউদ্দিন আহমেদ, বিনন্দ কুমাৰ শইকীয়া, পীয়ুষ হাজৰিকা, প্ৰমীলাৰাণী ব্ৰহ্ম, প্ৰশান্ত ফুকন, ইমানুৱেল মুছাহাৰী, মহেশ্বৰ ব্ৰহ্ম, উৎপল দত্ত, বলীন চেতীয়া, ৰণজিত কুমাৰ দাস, মাজেন্দ্ৰ নাৰ্জাৰী, কেশৱ মহন্ত, শুকুৰ আলী আহমেদ, কমলসিং নাৰ্জাৰী, ফণীভূষণ চৌধুৰী, ৰূপজ্যোতি কুৰ্মী, হাফিজ বছিৰ আহমেদ কাছিমী, আমিনুল ইছলাম, ইদ্ৰিছ আলী, কমলাক্ষ দে পুৰকায়স্থ আৰু কমলী বসুমতাৰী।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|