যোৰহাট নিৰ্বাচনী জিলাৰ পাঁচটা সমষ্টিত কেনে হ’ব ফলাফল! কোনে মাৰিব শেষ হাহি! ইতিমধ্যে ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এইবাৰ কোভিড–১৯ গাইডলাইনসমূহ কঠোৰভাৱে মানি চলা বাবে ভোট গণনা প্ৰক্ৰিয়া পূৰ্বতকৈ কিছু মণ্ঠৰ হ’ব। নিউজ১৮ৰ জৰিয়তে যোৰহাট জিলাৰ পাঁচটা সমষ্টিত চলোৱা হৈছিল এক সমীক্ষা। এইবাৰ যোৰহাট জিলাৰ সমষ্টিকেইটাত পূৰ্বৰ তুলনাত হ্ৰাস পাইছিল ভোটদানৰ হাৰ।
এইবাৰ যোৰহাট বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী পুনৰ জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী ভূতপূৰ্ব বিধায়ক ৰাণা গোস্বামীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যদিও যোৰহাট নগৰ অঞ্চলত অধিকাংশ ভোট বিজেপিৰ সপক্ষে যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে একাংশ পঞ্চায়তত কংগ্ৰেছ আগবাঢ়ি থাকিব। বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামী প্ৰায় ৮ হাজাৰ ভোটত জয়ী হোৱাৰ সম্ভাৱনা আছে। এই সংখ্যা বৃদ্ধি হ’লেও তাত আচৰিত হ’বলগা নাই।
এইবাৰ যোৰহাট জিলাৰ দুটা সমষ্টিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ আছে। সেয়া হ’ল মৰিয়নী আৰু তিতাবৰ সমষ্টি। তিনিটা কাৰ্যকালৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী এইবাৰ পৰাজয় হ’বলগা হ’ব নেকি তাক লৈ চলিছে ব্যাপক চৰ্চা। নিউজ১৮ৰ সমীক্ষা অনুসৰি, মৰিয়নী বিধানসভা সমষ্টিৰ ফলাফলত এইবাৰ নিৰ্ণায়ক ভূমিকা ল’ব বিজেপি নেতা অলক ঘোষে। অলক ঘোষ বিজেপিৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ আছিল যদিও টিকট নোপোৱাত ক্ষুন্ন হৈ পৰিছিল। কিন্তু পিছত বিজেপি নেতৃত্বৰ সৈতে হোৱা আলোচনাৰ অন্তত অলক ঘোষে সহায় আগবঢ়ায় বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীক। ফলত অলক ঘোষৰ প্ৰভাৱ থকা মৰিয়নী নগৰ অঞ্চলকে ধৰি বিভিন্ন অঞ্চলত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ভোট লাভ কৰিবলৈ সক্ষম হয় বুলি ধাৰণা কৰা হৈছে।
আনহাতে, অখিল গগৈয়ে ৰাইজৰ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ ফলত ৰাইজৰ দলৰ সপক্ষে থকা ভোটসমূহ কংগ্ৰেছে লাভ কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও ৰাইজৰ দলৰ বহু সমৰ্থক ভোট দিবলৈ নহা বুলি চৰ্চা চলিছিল। এনে আৰু কেইবাটাও কাৰকৰ বাবে মৰিয়নী সমষ্টিত এইবাৰ বিজেপি প্ৰাৰ্থীগৰাকী ৩–৪ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ সম্ভাৱনা আছে।
আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ বিহীন তিতাবৰ সমষ্টিৰ যুঁজখন এইবাৰ অতিকৈ আকৰ্ষণীয় হ’ব। তিতাবৰৰ চাৰিটা কাৰ্যকালৰ বিধায়ক তৰুণ গগৈৰ সৈতে থকা সমষ্টিবাসীৰ আন্তৰিক সম্পৰ্কৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’লেও কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ বৰুৱাই জয়লাভ কৰিব বুলি সমষ্টিটোত চৰ্চা চলি আছিল। কিন্তু তিতাবৰৰ ভূতপূৰ্ব বিধায়ক তথা বিজেপি প্ৰাৰ্থী হেমন্ত কলিতাই এইবাৰ বিশেষ কৌশলেৰে সমষ্টিটোত প্ৰচাৰ চলাইছিল। তিতাবৰ সমষ্টিৰ উন্নয়ন ত্বৰান্বিত কৰি তুলিব বুলি ব্যাপক প্ৰচাৰ চলোৱা হেমন্ত কলিতা কম ভোটৰ ব্যৱধানত জয়ী হ’লেও তাত আচৰিত হ’ব লগা একো নাই। কিন্তু তিতাবৰ সমষ্টিৰ ফলাফলৰ ক্ষেত্ৰত অধিকাংশ লোকৰে মন্তব্য হৈছে ৫০–৫০।
আনহাতে, টীয়ক বিধানসভা সমষ্টিত বহু চৰ্চাৰ অন্তত অগপ বিধায়ক ৰেণুপমা ৰাজখোৱাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল। তেওঁৰ বিপৰীতে আছিল সমষ্টিটোত দীৰ্ঘদিন ধৰি ৰাইজৰ মাজত ৰাজহুৱা কামৰ মাধ্যমেৰে সোমাই পৰা কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈ। পল্লৱী গগৈ হৈছে টীয়কৰ কেইবাটাও কাৰ্যকালৰ প্ৰাক্তন বিধায়ক মেম্বৰ গগৈৰ বোৱাৰী। সমীক্ষা অনুসৰি টীয়ক সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈ জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
দেৰগাঁও বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী অগপ বিধায়ক ভৱেন ভৰালীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কংগ্ৰেছ প্ৰাৰ্থী বাণী হাজৰিকাই। সমষ্টিটোত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদেও প্ৰাৰ্থিত্ব আগবঢ়াইছে যদিও মূল প্ৰতিদ্বন্দ্বিতা হ’ব বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মাজত। সমষ্টিটোৰ বহু ঠাইত কংগ্ৰেছৰ দখল আছে যদিও প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বাণী হাজৰিকাক কম ভোটৰ ব্যৱধানত হ’লেও অগপ প্ৰাৰ্থীগৰাকীয়ে পৰাভূত কৰিব বুলি ধাৰণা কৰা হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|