বহু প্ৰত্যাশিত বিধানসভা নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ'ব আজি৷ ৮,৯৭,১২৯ গৰাকী ভোটাৰৰ ৭৮.৬০% ভোটাৰে ইতিমধ্যে যোৱা ২৭ মাৰ্চত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে শোণিতপুৰ জিলাৰ ৫ সমষ্টিৰ মুঠ ২৮ গৰাকী প্ৰাৰ্থীৰ বিপৰীতে৷ অৱশেষত আজি নিৰূপিত হ'ব ই ভি এমত বন্দী প্ৰাৰ্থীৰ ভাগ্য৷ পুৱা ৮ বজাৰ পৰা দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ভোটগণনা প্ৰক্ৰিয়া৷ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে শোণিতপুৰ জিলা প্ৰশাসনে৷
ঢেকীয়াজুলি, বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু চতিয়া এই ৫ সমষ্টিৰ বাবে সাজু কৰি তোলা হৈছে মুঠ তিনিটা ভোটগণনা কক্ষ৷ ইয়াৰে দুটাত ই ভি এম গণনা হোৱাৰ বাহিৰে আনটো হ'লত গণনা কৰা হ'ব পোষ্টেল বেলট৷ ঢেকীয়াজুলি সমষ্টিৰ বাবে ২৩ ৰাউণ্ড, বৰছলাৰ বাবে ১৮ ৰাউণ্ড, তেজপুৰৰ বাবে ১৯ ৰাউণ্ড, ৰঙাপৰাৰ বাবে ১৭ ৰাউণ্ড আৰু চতিয়া সমষ্টিৰ বাবে ভোটগণনা প্ৰক্ৰিয়া সমাপন হ'ব ২০ ৰাউণ্ডত৷
ইফালে, সম্পূৰ্ণ কোভিড বিধিৰ মাজেৰে অনুষ্ঠিত হ'ব ভোটগণনা৷ আনহাতে, কোভিড টেষ্টত নিগেটিভ ধৰা পৰা ব্যক্তিয়েহে ভোটগণনা কেন্দ্ৰৰ চৌহদত প্ৰৱেশত অনুমতি লাভ কৰিব আৰু ৰাজনৈতিক দলৰ প্ৰতি দুজন এজেণ্টৰ এজনে পি পি ই কিট পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে৷ মুঠতে নিৰ্বাচন আয়োগৰ কঠোৰ নীতি-নিৰ্দেশনাৰ মাজেদি অনুষ্ঠিত হ'ব এইবাৰৰ ভোটগণনা প্ৰক্ৰিয়া৷
শোণিতপুৰৰ ৫ সমষ্টিত কোনে মাৰিব শেষ হাঁহি?জিলাখনৰ ৭১নং ঢেকীয়াজুলি সমষ্টিত এইবাৰ ৭ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও মূলতঃ নিৰ্বাচনী যুঁজ অনুষ্ঠিত হৈছিল বিজেপি প্ৰাৰ্থী অশোক সিংঘল আৰু কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথৰ মাজত৷ অৱশ্যে পূৰ্বৰ বিজেপি নেতা তৰুণ চাহুৱে টিকট বঞ্চিত হৈ সমষ্টিটোত নিৰ্দলীয়ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত চাহ অধ্যুষিত অঞ্চলৰ কিছু ভোট অশোক সিংঘল হাতৰ পৰা কাঢ়ি নিবলৈ সক্ষম হোৱা বুলি চৰ্চিত হৈছিল৷ তাৰ মাজতো বিগত ৫ বছৰত বিধায়কৰূপে অশোক সিংঘলে আগবঢ়োৱা কাম–কাজৰ বাবে হয়তো পুণৰবাৰ সমষ্টিবাসীয়ে বিজেপি প্ৰাৰ্থী গৰাকীকে জয়ী কৰোৱাৰ সম্ভাৱনা প্ৰবল৷ কিন্তু কংগ্ৰেছ প্ৰাৰ্থী বেণুধৰ নাথো এগৰাকী শক্তিশালী প্ৰাৰ্থী৷ সমষ্টিটোত জনপ্ৰিয়তা আছে এইগৰাকী প্ৰাৰ্থীৰ৷ তেনেস্থলত ঢেকীয়াজুলি সমষ্টিত শক্তিশালী যুঁজ হ'ব এই দুই প্ৰাৰ্থীৰ মাজত৷
৭২নং বৰছলা সমষ্টি৷ সমষ্টিটোত এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৪ গৰাকী প্ৰাৰ্থী৷ বৰছলা সমষ্টিত এইবাৰ ত্ৰিকোণীয়া যুঁজ সমষ্টিটোত হোৱা বুলি চৰ্চিত হৈছে৷ মূলতঃ ৩ প্ৰাৰ্থীৰ ভিতৰতে সমষ্টিটোত হয় নিৰ্বাচনী যুঁজ৷ বিজেপি প্ৰাৰ্থী গণেশ লিম্বু, কংগ্ৰেছ প্ৰাৰ্থী ৰাম প্ৰসাদ শৰ্মা আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী উপেনৰাজ নাথৰ মাজত অনুষ্ঠিত ত্ৰিকোণীয়া যুঁজত অধিক লাভান্বিত হোৱাৰ সম্ভাৱনা কংগ্ৰেছ প্ৰাৰ্থী ৰাম প্ৰসাদ শৰ্মাৰ৷ কিয়নো সমষ্টিটোৰ খিলঞ্জীয়া ভোটৰ অধিকাংশ ভোট অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰাত সৰহ সংখ্যক ভোট কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা বুলি বৰ্তমানেও চৰ্চা অব্যাহত আছে৷ এফালে বিজেপি প্ৰাৰ্থী তথা সমষ্টিটোৰ বিধায়ক গণেশ লিম্বুৰ বিৰুদ্ধে আছে প্ৰতিষ্ঠানবিৰোধী ঢৌ৷ তেনেস্থলত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী অধিক লাভাম্বিত হোৱাৰ সম্ভাৱনা দেখা গৈছে৷
একেদৰে, তেজপুৰতো ৭ গৰাকী প্ৰাৰ্থীয়ে সন্মানীয় সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় যদিও কংগ্ৰেছ প্ৰাৰ্থী ডাঃ অনুজ কুমাৰ মেচ আৰু অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ মাজতে হ'ব মূল যুঁজ৷ কা বিৰোধী স্থিতিৰ লোকৰ কিছু সংখ্যক ভোট অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জানমণি বৰা আৰু ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী অলক নাথে লাভ কৰিব যদিও সমষ্টিটোত সেয়া মূল ফেক্টৰ হিচাপে বিবেচিত নহ'ল৷ আনহাতে, সমষ্টিবাসীৰ অভিযোগ অনুসৰি সামাজিকভাৱে জনপ্ৰিয় প্ৰাৰ্থী কংগ্ৰেছ দলে নিৰ্বাচিত কৰাত বিফল হোৱাত অগপ প্ৰাৰ্থীগৰাকীয়ে সমষ্টিটোত শেষ মুহুৰ্তত জয়লাভ কৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে৷
ঠিক সেইদৰে, পূৰ্বৰ বিজেপি বিধায়ক তথা বৰ্তমানৰ কংগ্ৰেছ প্ৰাৰ্থী অভিজিত হাজৰিকা আৰু বিজেপি প্ৰাৰ্থী কৃষ্ণকমল তাঁতীৰ মাজতে ৭৪নং ৰঙাপৰা সমষ্টি আৰু ৭৫নং চতিয়া সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰী আৰু বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাৰ মাজতে সমষ্টি দুটাত তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে যদিও ফলাফল ঘোষণাৰ পূৰ্বে পূৰ্বানুমান কৰাটো কিছু জটিল৷ তাৰ মাজতে কিছু সময়ৰ পিছতে যিহেতু আৰম্ভ হ'ব ভোটগণনা প্ৰক্ৰিয়া তেনেস্থলত লক্ষণীয় হ'ব শোণিতপুৰৰ ৫ সমষ্টিৰ নিৰ্বাচনী ফলাফল৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|