Assam Election Results 2021: অপেক্ষাৰ ঘটিব অৱসান! মাজত মাত্ৰ নিশাটো! কোনে মাৰিব শেষ হাঁহি?

News18 Assam | News18-Assam
Updated:May 1, 2021, 10:18 PM IST
Assam Election Results 2021: অপেক্ষাৰ ঘটিব অৱসান! মাজত মাত্ৰ নিশাটো! কোনে মাৰিব শেষ হাঁহি?
এতিয়া সকলোবে অধীৰ আগ্ৰহেৰে কাইলৈৰ দিনটোলৈ অপেক্ষা কৰিছে।

এতিয়া সকলোবে অধীৰ আগ্ৰহেৰে কাইলৈৰ দিনটোলৈ অপেক্ষা কৰিছে।

  • Share this:
কাইলৈ অর্থাৎ ২ মে'ত ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। নিৰ্বাচনৰ ফলাফল ঘোষণাক কেন্দ্ৰ কৰি এতিয়া প্ৰতিটো ৰাজনৈতিক দলেই ব্যস্ত হৈ পৰিছে নিজ নিজ ধৰণে অংক কৰাত। শেহতীয়াকৈ দেশৰ বহুকেইটা আগশাৰীৰ এজেন্সীয়ে  Exit Poll প্ৰকাশ কৰি ৰাজ্যত পুনৰ বিজেপিৰ নেতৃত্বতে চৰকাৰ প্ৰতিষ্ঠা হোৱাৰ ইংগিত দিছে। কিন্তু Exit Pollৰ এই দাবী একেমুখে নাকচ কৰি ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'ব বুলি দাবী কৰিছে কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটৰ শীৰ্ষ নেতা-কৰ্মীয়ে।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসে ৮০ৰ ওপৰত আসন দখল কৰাৰ দাবী কৰাৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মহাজোঁটে চৰকাৰ গঠন কৰিব পৰাকৈ আসন লাভ কৰিব বুলি দাবী কৰিছে। সেইদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও তেওঁলোকক বাদ দি কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী কৰি আহিছে।

একাংশ ৰাজনৈতিক বিশ্লেষকে কোৱা মতে,  ২০২১ৰ বিধানসভা নিৰ্বাচনত নাছিল কোনো মোদীৰ ঢৌ। কৌশলপূৰ্ণ ভাবে ভোটদান কৰিছে সকলোৱে। সেইদৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে সমষ্টি ভেদে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰে অংকত আউল লগাইছে বুলি আলোচনা চলিছে বিভিন্ন মহলত।

কাইলৈ কিছু ব্যতিক্ৰমী ৰূপত সম্পন্ন হ'ব নিৰ্বাচনী ভোটগণনা। ভোটগণনা কেন্দ্ৰত সকলোৱে মানি চলিব লাগিব কোৰোণা প্ৰট'কল। সেইদৰে ভোটগণনাৰ অন্তত কোনো প্ৰাৰ্থী বা সমৰ্থকে সমদল, সভা কৰিব নোৱাৰিব। এতিয়া সকলোৱে অধীৰ আগ্ৰহেৰে কাইলৈৰ দিনটোলৈ অপেক্ষা কৰিছে।
Published by: Himangshu Bhuyan
First published: May 1, 2021, 10:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি