কিছু সময়ৰ পিছতে আৰম্ভ হ'ব অসম বিধানসভা বিধানসভা নিৰ্বাচৰ ভোটগণনা। কেইটামান বিশেষ সমষ্টিত এইবাৰ সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব। একেবাৰে দোধোৰ মোধোৰ এইকেইটা সমষ্টিৰ ছবিখন। একাংশ ৰাজনৈতিক বিশ্লেষকে কোৱা মতে, প্ৰায় ১৫টা সমষ্টিত এইবাৰ অতি কম ভোটৰ ব্যৱধানত জয়ী হ'ব কোনো এগৰাকী প্ৰাৰ্থী।
ভোটগণনাৰ সময়ত কেইবাটাও সমষ্টিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। প্ৰথমেই নাম ল'ব পাৰি গোলাঘাট সমষ্টি। গোলাঘাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াই কঁপনি তুলিছে নিশাটোৰ ভিতৰতে বিজেপিত যোগ দি প্ৰাৰ্থী হোৱা অজন্তা নেওগক। বিজেপিৰ পুৰণি কৰ্মী বিতোপন শইকীয়াই যদিও টিকট বঞ্চিত হৈ কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তথাপিও সমষ্টিটোৰ একাংশ পুৰণি বিজেপি কৰ্মীৰ সমৰ্থন বিতোপন শইকীয়াই লাভ কৰিছে বুলি বহুতে ক'ব খোজে।
এইবাৰ সকলোৰে দৃষ্টি থাকিব শিৱসাগৰ সমষ্টিৰ ওপৰত। কাৰাবন্দী কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা সমষ্টিটোৰ নিৰ্বাচনী ছবিখন অত্যন্ত আকৰ্ষণীয়। সমষ্টটোত বিজেপি আৰু ৰাইজৰ দলৰ মাজতে মূল যুঁজখন হ'ব বুলি ধাৰণা কৰিছে সকলোৱে।
সেইদৰে নাজিৰা, গহপুৰ, পাটাচাৰকুচি, লখিমপুৰ সদৰ, দুলীয়াজান, নাহৰকটীয়া, থাওৰা হাজো, নাওবৈছা. ধেমাজি, টিয়ক, যোৰহাট, তিতাবৰ, মৰিয়নী, পশ্চিম গুৱাহাটী, কমলপুৰ, মঙলদৈ, ছিপাঝাৰ, নলবাৰী, ধৰ্মপুৰ, তেজপুৰ, চতীয়া, বিশ্বনাথ, বৰছলা, আদি কেইবাটাও সমষ্টিত এইবাৰ আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ। সেইদৰে এইবাৰ বৰাকৰ আটাইকেইটা সমষ্টিতে ৰাজনৈতিক প্ৰেক্ষাপট ধুৱলী-কুৱলী। গতিকে তেনেস্থলত কিছু সময়ৰ পিছতে স্পষ্ট হ'ব এইকেইটা সমষ্টিত কোনে মাৰে শেষ হাঁহি?
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|