বহু জল্পনা কল্পনাৰ অন্ততঃ ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিত ১১,৭৭৯ টা ভোটৰ ব্যৱধানত জয়ী হৈছেৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিগত ১৬ মাহে কাৰাবন্দী হৈ থকা অখিল গগৈয়ে মুঠ ৫৭,১৭৩ টা ভোট লাভ কৰে । নিকটতম প্ৰতিদ্বন্দী বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীয়ে লাভ কৰে ৪৫,৩৯৪ টা ভোট।
উল্লেখযোগ্য যে, যোৱা ২৭ মাৰ্চত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ। নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ কৰ্মকৰ্তা সকলৰ লগত অসুস্থ শৰীৰে শিৱসাগৰ সমষ্টিৰ চুকে কোণে প্ৰচাৰ কৰিছিল অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে । বিশাল নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰিৱৰ্তে সমষ্টিৰ তিনি আলি ,চাৰি আলিত উপস্থিত হৈ প্ৰচাৰ চলাইছিল ৰাইজৰ দলে। অখিল গগৈ অবিহনেই সমষ্টিৰ ৰাইজৰ ঘৰে ঘৰে গৈছিল ৰাইজৰ দলৰ কৰ্মী।
নিৰ্বাচনৰ প্ৰাকক্ষণত মেধা পাটকাৰৰ দৰে ৰাষ্ট্ৰীয় নেত্ৰীয়েও অখিলৰ হৈ প্ৰচাৰ সমদলত অংশগ্ৰহণ কৰিছিল। ইপিনে বিজেপিৰ সুৰভী ৰাজকুঁৱৰীৰ হৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু নেতাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল যদিও মূৰকত উদ্ধাৰ কৰিব নোৱাৰিলে।
ইপিনে ১০৩ নং আমগুৰি সমষ্টিত অগপ বিধায়ক প্ৰদীপ হাজৰিকা ৬,০৮২ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। প্ৰদীপ হাজৰিকাই মুঠ ৪৯,৪২২ টা ভোট লাভ কৰাৰ বিপৰীতে নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তই লাভ কৰে ৪৩,৩৪০টা ভোট।
আনহাতে ১০৭ নং থাওৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাইয়ে নিকটতম প্ৰতিদ্বন্দী বিজেপি প্ৰাৰ্থী কুশল দুৱৰীক ১,৯৪০ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|