পুৱা ৮ বজাৰ পৰা ৰাজ্যত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ক’ৰবাত যদি বিজেপি আগবাঢ়িছে, ক’ৰবাত আকৌ কংগ্ৰেছ। ক’ৰবাত যদি অগপ প্ৰাৰ্থী ক’ৰবাত ৰাইজৰ দল।
তৃতীয় ৰাউণ্ডৰ পিছত ছয়গাঁও সমষ্টিত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদে। ৰেকিবুদ্দিন আহমেদে লাভ কৰিছে ৩০৬৭৪টা ভোট। বিপৰীতে অগপৰ কমলা কলিতাই পাইছে ৫৮৭৪টা ভোট।
জালুকবাৰী সমষ্টিত তৃতীয় ৰাউণ্ডৰ অন্তত অগ্ৰগতি লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এইপৰ্যন্ত ১৯,৮৯৪টা ভোট লাভ কৰাৰ বিপৰীতে ৰমেন বৰঠাকুৰে লাভ কৰিছে ৬০৭৩টা ভোট।
বকো সমষ্টিত তৃতীয় ৰাউণ্ডৰ অন্তত আগবাঢ়ি আছে কংগ্ৰেছৰ নন্দিতা দাস। নন্দিতা দাসে লাভ কৰিছে ২৮,৮০৪টা ভোট। তাৰ বিপৰীতে অগপৰ জ্যোতিপ্ৰসাদ দাসে পাইছে ৮৮২৫টা ভোট।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|