Assam Assembly Election Results 2021 : চতুৰ্থ ৰাউণ্ডৰ অন্তত বোকাখাত সমষ্টিত আগবাঢ়ি আছে অগপ সভাপতি অতুল বৰা। ১১,৫১৩টা ভোটত আগবাঢ়ি আছে অতুল বৰা।
Assam Assembly Election Results 2021 : চতুৰ্থ ৰাউণ্ডৰ অন্তত বোকাখাত সমষ্টিত আগবাঢ়ি আছে অগপ সভাপতি অতুল বৰা। ১১,৫১৩টা ভোটত আগবাঢ়ি আছে অতুল বৰা।
ৰাজ্যত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা। মাৰ্ঘেৰিটাত অষ্টম ৰাউণ্ডৰ ভোটগণনা সম্পন্ন। অষ্টম ৰাউণ্ডৰ অন্তত সমষ্টিটোত আগবাঢ়ি আছে বিজেপিৰ ভাস্কৰ শৰ্মা।
শদিয়াত পঞ্চম ৰাউণ্ডৰ অন্ত। এই সমষ্টিটোতো অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থীয়ে। দ্বিতীয় স্থানত আছে কংগ্ৰেছ। আনহাতে, চতুৰ্থ ৰাউণ্ডৰ অন্তত বোকাখাত সমষ্টিত আগবাঢ়ি আছে অগপ সভাপতি অতুল বৰা। ১১,৫১৩টা ভোটত আগবাঢ়ি আছে অতুল বৰা।
ইফালে, তৃতীয় ৰাউণ্ডৰ অন্তত তিনিচুকীয়াত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰাৰ্থীয়ে। ডিগবৈ আৰু ডুমডুমাতো বিজেপিৰ অগ্ৰগতি। আনহাতে, বৰছলা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আৰ পি শৰ্মা আগবাঢ়ি আছে।
আনহাতে, চতুৰ্থ ৰাউণ্ডৰ অন্তত ছয়গাঁও সমষ্টিত বৃহৎ সংখ্যক ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ। ৰেকিবুদ্দিনে ৪৪,৩৪০টা ভোট লাভ কৰাৰ বিপৰীতে অগপৰ কমলা কলিতাই পাইছে ৭,৯১৪টা ভোট।
পাথাৰকান্দি সমষ্টিত তৃতীয় ৰাউণ্ডৰ অন্ত পৰিছে। আগবাঢ়ি আছে কংগ্ৰেছৰ শচীন ছাহু। ছাহুৱে ৫৮৯৫টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ কৃষ্ণেন্দু পালে লাভ কৰিছে ১৮৭৬টা ভোট।
সেইদৰে সৰুপথাৰত ষষ্ঠ ৰাউণ্ডৰ অন্ত পৰিছে। বিজেপিৰ বিশ্বজিৎ ফুকন আগবাঢ়ি আছে সমষ্টিটোত। বিশ্বজিৎ ফুকনে এইপৰ্যন্ত লাভ কৰিছে ২২,৯৮৬টা ভোট। ১৬,৪৯৪টা ভোটেৰে দ্বিতীয় স্থানত আছে কংগ্ৰেছৰ ৰ’জলীনা তিৰ্কী।
গহপুৰতো পঞ্চম ৰাউণ্ডৰ অন্ত পৰিছে। সমষ্টিটোত আগবাঢ়ি আছে বিজেপি। কংগ্ৰেছ দ্বিতীয় স্থানত। ৫,৮৩১টা ভোটত আগবাঢ়ি আছে বিজেপিৰ উৎপল বৰা। তেজপুৰত সপ্তম ৰাউণ্ডৰ অন্তত আগবাঢ়ি আছে অগপ।
আনহাতে, চতিয়াত অষ্টম ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকা ৯৯৯৮টা ভোটত আগবাঢ়ি আছে৷ ষষ্ঠ ৰাউণ্ডৰ পিছত ঢেকিয়াজুলি বিধানসভা সমষ্টিত BJP প্ৰাৰ্থী অশোক সিংহল ৭৮১১ ভোটত আগবাঢ়ি আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|