Assam Election Results 2021: লখিমপুৰৰ ৪টা সমষ্টিৰ তিনিটাতে আগবাঢ়িছে বিজেপি

News18 Assam | News18-Assam
Updated:May 2, 2021, 11:26 AM IST
Assam Election Results 2021: লখিমপুৰৰ ৪টা সমষ্টিৰ তিনিটাতে আগবাঢ়িছে বিজেপি
Assam Assembly Election Results 2021;আকৰ্ষণীয় হৈ পৰিছে লখিমপুৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট। ঘনে ঘনে সলনি হৈছে নিৰ্বাচনী দৃশ্যপট।

Assam Assembly Election Results 2021;আকৰ্ষণীয় হৈ পৰিছে লখিমপুৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট। ঘনে ঘনে সলনি হৈছে নিৰ্বাচনী দৃশ্যপট।

  • Share this:
আকৰ্ষণীয় হৈ পৰিছে লখিমপুৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট। ঘনে ঘনে সলনি হৈছে নিৰ্বাচনী দৃশ্যপট। ইতিমধ্যে দুটা ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হৈছে। লখিমপুৰ সদৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী জয় প্ৰকাশ দাসতকৈ বিজেপি প্ৰাৰ্থী মানৱ ডেকাই প্ৰায় ১৭০০ ভোটত আগবাঢ়ি আছে।

সেইদৰে ঢকুৱাখনা বিধানসভা সমষ্টিত বিশাল ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী পদ্মলোচন দলেতকৈ আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী নব কুমাৰ দলে। ইফালে বিহপুৰীয়া বিধানসভা সমষ্টিত প্ৰায় ২০০০ ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থী ভূপেন বৰাতকৈ আগবাঢ়ি আচে বিজেপি প্ৰাৰ্থী অমীয় কুমাৰ ভূঞা।

শেহতীয়াকৈ কেৱল নাওবৈচা সমষ্টিতহে কংগ্ৰেছ প্ৰাৰ্থী ভৰত নৰহ আগবাঢ়ি আছে। সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী ৰাও গজেন্দ্ৰ সিঙৰ সৈতে তীব্ৰ প্ৰতিদ্বন্দিতা হৈছে ভৰত নৰহৰ। নৰহে সমষ্টিটোত এই মুহূৰ্তত প্ৰায় ১০০০ ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে।
Published by: Himangshu Bhuyan
First published: May 2, 2021, 11:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি