চলি আছে অসম বিধানসবা নিৰ্বাচনৰ ভোটগণনা। ইতিমধ্যে প্ৰায় ৫টা ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হৈছে। এইবাৰ আকৰ্ষণীয় হৈ পৰিছে শিৱসাগৰ জিলাৰ চাৰিটা সমষ্টিৰ ভোটযুদ্ধ। ঘনে ঘনে সলনি হৈছে দৃশ্যপট।
শিৱসাগৰ সদৰ সমষ্টিত বিজেপি প্ৰাৰ্থী সুৰভী ৰাজকোঁৱৰী আৰু ৰাইজৰ দলৰ অখিল গগৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱা দেখিবলৈ পোৱা গৈছে। সমষ্টিটোত বৰ্তমানলৈকে আগবাঢ়ি আছে ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ। প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ অন্তত শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে ১৫৮২ টা ভোটত আগবাঢ়ি আছে।
সেইদৰে আকৰ্ষণীয় হৈছে থাওৰা সমষ্টিৰ দৃশ্যপট। তুমূল প্ৰতিদ্বন্দিতা হৈছে কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোঁহাই আৰু বিজেপি প্ৰাৰ্থী কুশল দুৱৰীৰ মাজত। সমষ্টিটোত প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ অন্তত বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে ৮০৮ টা ভোটত আগবাঢ়ি আছে।
সেইদৰে প্ৰথম আৰু দ্বিতীয় ৰাউণ্ডৰ অন্তত আমগুৰি সমষ্টিৰ অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই ১০০৩ টা ভোটত আগবাঢ়ি আছে। কংগ্ৰেছৰ প্ৰাৰ্থী অংকিতা দত্তইয়ো যুঁজ দিয়া পৰিলক্ষিত হৈছে।
ইফালে নাজিৰা সমষ্টিত পিছ পৰি আছে কংগ্ৰেছ প্ৰাৰ্থী দেৱব্ৰত শইকীয়া।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|