ৰাজ্যত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা। সাংসদ প্ৰদ্যুত বৰদলৈয়ে সংবাদ মাধ্যমৰ আগত কয় – আমি যুদ্ধ কৰিছোঁ ৷ আমি জিকিম৷ ভোটগণনা আৰম্ভ হৈছে ৷ ক'ৰবাত BJP আগবাঢ়ি আছে ৷ ক'ৰবাত আমি আগবাঢ়ি আছো৷ এতিয়াই একো ক'ব নোৱাৰি।
আনহাতে, বকো সমষ্টিৰ মহাজোটঁৰ প্ৰাথী নন্দিতা দাসে ক’লে – ‘‘মই দৃঢ়বিশ্বাস জয়ী হ’ম। এটা জৰাজীৰ্ণ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিলো। বহু কাম আধৰুৱা হৈ ৰ’ল, এইবাৰ সম্পূৰ্ণ কৰিম। মোৰ প্ৰতিদ্বন্দ্বী বুলি কোনো নাই। যথেষ্ট দুৰ্বল প্ৰাৰ্থী মোৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে।