Assam Election Results 2021: লখিমপুৰৰ চাৰি সমষ্টিৰ ভিতৰত ৩টাতে বিজেপিৰ জয়লাভ, কোনো মতে কংগ্ৰেছৰ নাক বচালে ভৰত নৰহে

News18 Assam | News18-Assam
Updated:May 2, 2021, 7:26 PM IST
Assam Election Results 2021: লখিমপুৰৰ চাৰি সমষ্টিৰ ভিতৰত ৩টাতে বিজেপিৰ জয়লাভ, কোনো মতে কংগ্ৰেছৰ নাক বচালে ভৰত নৰহে
লখিমপুৰৰ চাৰিওটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে।

লখিমপুৰৰ চাৰিওটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে।

  • Share this:

  • লখিমপুৰৰ চাৰিওটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে।

  • লখিমপুৰ সদৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰকাশ দাসক প্ৰায় ২৫০০ ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থী মানৱ ডেকাই।


  • ঢকুৱাখনা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ হাতত বিদ্বস্ত হৈছে কংগ্ৰেছ প্ৰাৰ্থী পদ্মলোচন দলে।

  • নাওবৈছা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ভৰতচন্দ্ৰ নৰহে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী ৰাইজৰ দলৰ আজিজুৰ ৰহমানক পৰাস্ত কৰি শেষ হাঁহি মাৰিছে।

  • আনহাতে বিহপুৰীয়া সমষ্টিত কংগ্ৰেছৰ ভূপেন কুমাৰ বৰাক প্ৰায় ৯ হাজাৰ ভোটৰ ব্যৱধানত পৰাস্ত কৰি শেষ হাঁহি মাৰিছে বিজেপিৰ অমিয় কুমাৰ ভূঞাই।

Published by: Himangshu Bhuyan
First published: May 2, 2021, 7:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি