
Assam Assembly Election Results 2021; শেহতীয়া ট্ৰেণ্ড অনুসৰি, কোন সমষ্টিত কোন আগবাঢ়ি আছে?
Assam Assembly Election Results 2021; শেহতীয়া ট্ৰেণ্ড অনুসৰি, কোন সমষ্টিত কোন আগবাঢ়ি আছে?
চলি আছে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। প্ৰতিটো সমষ্টিতে বিজেপি আৰু কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে বেলট ভোট গণনাৰ দুটা ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হৈছে। খবৰ অনুসৰি, বিজেপি মিত্ৰজোঁটে এই মুহূৰ্তলৈকে ২৪ খন আসনত আগবাঢ়ি আছে। আনহাতে কংগ্ৰেছ মহাজোঁট আগবাঢ়িছে ১৬ খন আসনত। সেইদৰে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আগবাঢ়ি আছে দুখনকৈ আসনত।
শেহতীয়া ট্ৰেণ্ড অনুসৰি, কোন সমষ্টিত কোন আগবাঢ়ি আছে?
- নলবাৰীত বিজেপি প্ৰাৰ্থী জয়ন্তমল্ল বৰুৱাৰ অগ্ৰগতি।
- সৰুক্ষেত্ৰীত কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ অগ্ৰগতি।
- দুলীয়াজানত অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈৰ অগ্ৰগতি।
- নাজিৰাত বিজেপি প্ৰাৰ্থী ময়ুৰ বুঢ়াগোহাঁইৰ অগ্ৰগতি।
- শিৱসাগৰত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ অগ্ৰগতি।
- দিছপুৰ সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ অতুল বৰা।
- নগাওঁৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা আগবাঢ়িছে।
- বোকাখাতৰ পৰা অগপ প্ৰাৰ্থী অতুল বৰাৰ অগ্ৰগতি।
- শিৱসাগৰত আগবাঢ়ি আছে ৰাইজৰ দলৰ অখিল গগৈ।
- পূব গুৱাহাটীত বিজেপি প্ৰাৰ্থী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ অগ্ৰগতি।
- পশ্চিম গুৱাহাটী সমষ্টিত অগপৰ ৰমেন্দ্ৰ নায়ৰণ কলিতাৰ অগ্ৰগতি
- জালুকবাৰী সমষ্টিত বিজেপি প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ অগ্ৰগতি।
- যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী ৰাণা গোস্বামীৰ অগ্ৰগতি।
- টিয়কত অগপ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ অগ্ৰগতি।
- থাওৰাত আগবাঢ়িছে কংগ্ৰেছৰ সুশান্ত বৰগোহাঁই।
- গহপুৰত আগবাঢ়িছে বিজেপিৰ উৎপল বৰা।
- বটদ্ৰৱাত বিজেপিৰ আঙুৰলতা ডেকাৰ অগ্ৰগতি।
- বঢ়মপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীৰ অগ্ৰগতি।
- ঢকুৱাখনা সমষ্টিত বিজেপি প্ৰাৰ্থী নৱ কুমাৰ দলেৰ অগ্ৰগতি।
- ঢেকীয়াজুলি সমষ্টিত বিজেপি প্ৰাৰ্থী অশোক সিংহালৰ অগ্ৰগতি।
- বিশ্বনাথ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰা আগবাঢ়ি আছে।
- বঙাইগাওঁ সমষ্টিত অগপ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী আগবাঢ়িছে।
- তেজপুৰত অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভা আগবাঢ়িছে।
- মাজুলিত আগবাঢ়িছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আগবাঢ়িছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|