কাইলৈ ঘোষণা হ'ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। প্ৰতিটো ৰাজনৈতিক দলেই এতিয়া ব্যস্ত হৈ পৰিছে নিজ নিজ অংকত। এইবাৰ নিৰ্বাচনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু উত্তৰ অসমৰ লখিমপুৰ জিলাৰ চাৰিওটা বিধানসভা সমষ্টি।
লখিমপুৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টিত কোনে কোনে মাৰিব শেষ হাঁহি? পাৰিবনে মন্ত্ৰী নৱ কুমাৰ দলে নিজৰ ভেঁটি অটুত ৰাখিব? আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰিয়ভাজন মানৱ ডেকাৰ পথত কোনে দিলে বিধি-পথালি? বিহপুৰীয়াত প্ৰাৰ্থীত্বকেন্দ্ৰিক বিভাজনৰ ফল ভুগিব নেকি বিজেপিৰ অমিয় কুমাৰ ভূঞাই ?এই প্ৰশ্নৰ উত্তৰ কাইলৈ বিয়লি ভাগলৈ স্পষ্ট হৈ পৰিব।
ঢকুৱাখনা সমষ্টিঃলখিমপুৰ জিলাৰ অন্যতম গুৰুত্বপুৰ্ণ সমষ্টি ঢকুৱাখনাত কিন্তু এইবাৰ নাই বিজেপিৰ পূৰ্বৰ ভেটি ৷ দীৰ্ঘদিনে মিচিং জাতীয় সংগঠনৰ নেতৃত্বত থকা এইবাৰৰ কংগ্ৰেছ প্ৰাৰ্থী পদ্মলোচন দলেই বাৰুকৈয়ে প্ৰত্যাহ্বান জনাইছে মন্ত্ৰী নৱ কুমাৰ দলেক ৷ ইয়াৰ উপৰিও বিজেপিৰ একাংশ শীৰ্ষ নেতাই নৱ দলেক চিপৰাং মাৰিছে বুলিও সমষ্টিটোত চৰ্চা চলিছে। মিচিং সকলৰ মাজত বিজেপিৰ ভোট বিভাজন হৈছে যদিও সমষ্টিটোৰ অন্যান্য ভোটাৰেও নিৰ্নায়ক ভূমিকা পালন কৰিব এইবাৰ নিৰ্বাচনত ৷
লখিমপুৰ সদৰ সমষ্টিঃলখিমপুুৰ সদৰ সমষ্টিৰ যুঁজখন এইবাৰ বিশেষ ভাবে আকৰ্ষণীয়। লখিমপুৰ সদৰ সমষ্টিত বিধায়ক উৎপল দত্তই আউল লগাইছে বিজেপিৰ অংকত ৷ যদি উৎপল দত্তৰ পূৰ্বৰ ভেটি অটুট আছে তেন্তে তাৰ ফল ভুগিব বিজেপিৰ মানৱ ডেকাই ৷ লগতে মঞ্চত দেখাৰ দৰেই যদি কংগ্ৰেছৰ জয় প্ৰকাশ দাসক প্ৰাক্তন কংগ্ৰেছী বিধায়ক ঘন বুঢ়াগোহাঁইয়ে সমৰ্থন জনাইছে তেন্তে এখোজ আগুৱাই আছে জয় প্ৰকাশ দাস ৷
নাওবৈচা সমষ্টিঃএই মূহূৰ্তলৈকে স্পষ্ট নহয় নাওবৈচা সমষ্টিৰ ছবি। লখিমপুৰৰ সংখ্যালঘু প্ৰধান নাওবৈচা সমষ্টিত এইবাৰ চাৰিকোণীয়া প্ৰতিদ্বন্দিতা হোৱাৰ সম্ভাৱনাই অধিক ৷ অখিল গগৈৰ নেতৃত্বাধীন নতুন ৰাজনৈতিক দল ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰাক্তন ছাত্ৰ নেতা আজিজুৰ ৰহমানৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি আছে সকলোৱে ৷ ঢকুৱাখনা এৰি নাওবৈচাত কংগ্ৰেছৰ প্ৰাৰ্থী হোৱা জ্যেষ্ঠ কংগ্ৰেছী ভৰত চন্দ্ৰ নৰহে যদি বিশেষ প্ৰভাৱ পেলাব নোৱাৰে তেতিয়া শেষ হাঁহি মাৰিব আজিজুৰ ৰহমানে ৷ আনহাতে প্ৰথম অৱস্থাত অগপৰ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ স্থিতি নাওবৈচাত আশাপ্ৰদ আছিল যদিও বিজেপিৰ জ্যেষ্ঠ বিদায়ী কাৰ্যকৰ্তা ৰাও গজেন্দ্ৰ সিঙে থানবান কৰিলে অগপৰ পৰিকল্পনা ৷ দলৰ নীতি বিসৰ্জন দি ৰাও গজেন্দ্ৰ সিঙে নিৰ্দলীয় ভাবে প্ৰতিদ্বন্দিতা কৰি বিভাজন কৰিলে অগপ বিজেপিৰ ভোটত। তাৰ ফলত বিজেপিৰ তালিকাৰ পৰা বাদ পৰাৰ সম্ভাৱনাই অধিক নাওবৈচা সমষ্টি ৷
বিহপুৰীয়া সমষ্টিঃবিহপুৰীয়া সমষ্টিটো বিজেপিৰ আংকত আউল লগোৱাৰ সম্ভাৱনা আছে লুৰিণজ্যোতি গগৈৰ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অচ্যুত শইকীয়াই ৷ আনহাতে প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতৰ বাবে বিজেপি শিৱিৰৰ পৰা নিৰ্বাচনত আঁতৰি থাকিল বহু সক্ৰিয় কৰ্মী ৷ যদি এই দুৰ্বলতাৰ সুযোগ কংগ্ৰেছৰ ভূপেন কুমাৰ বৰাই লৈছে তেন্তে মিছা হ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী ৷
দুই মেত বিয়লি উত্তৰত লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হোৱা ঘোষণাই নিশ্চিত কৰিব চাৰিওটা সমষ্টিৰ পৰা কোন কোন যাব অসম বিধান সভালৈ ৷ অপেক্ষা মাথো কাইলৈৰ দিনটোলৈ!
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|