দ্বিতীয় ৰাউণ্ডৰ অন্তত নগাঁও সদৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ ৯০১৬টা ভোটত অগ্ৰগতি।
দ্বিতীয় ৰাউণ্ডৰ অন্তত নগাঁও সদৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ ৯০১৬টা ভোটত অগ্ৰগতি।
ৰাজ্যত অব্যাহত আছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা। দ্বিতীয় ৰাউণ্ডত দিছপুৰ সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী অতুল বৰা। অতুল বৰাই এইপৰ্যন্ত লাভ কৰিছে ৪৮৯০টা ভোট। কংগ্ৰেছৰ মনজিৎ মহন্তই পাইছে ১৬৭৩টা ভোট।
ছয়গাঁৱত দ্বিতীয় ৰাউণ্ডত কংগ্ৰেছে লাভ কৰিছে অগ্ৰগতি। কংগ্ৰেছে পাইছে ১০,৯৩২টা ভোট, বিপৰীতে অগপই পাইছে ২৪৬৫টা ভোট।
পলাশবাৰীত পোষ্টেল ভোটত বিজেপিৰ হেমাংগ ঠাকুৰীয়াৰ অগ্ৰগতি। হেমাংগ ঠাকুৰীয়াই লাভ কৰে ৯,০৮০টা ভোট। কংগ্ৰেছৰ যতীন মালীয়ে পাইছে ৯,০০৭টা ভোট।
সেইদৰে, সৰুক্ষেত্ৰী সমষ্টিত কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰ, বৰপেটাত কংগ্ৰেছৰ আব্দুৰ ৰহিম আহমেদ, বাঘবৰত এআইইউডিএফৰ ৰাজীৱ আহমেদ, চেঙাত এআইইউডিএফৰ আশ্ৰাফুল হুছেইনে অগ্ৰগতি লাভ কৰিছে। ছয়গাঁৱত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে।
দ্বিতীয় ৰাউণ্ডৰ অন্তত নগাঁও সদৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ ৯০১৬টা ভোটত অগ্ৰগতি।
জালুকবাৰী দ্বিতীয় ৰাউণ্ডত অগ্ৰগতি লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ১৪,২৫৪টা ভোট লাভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰমেন বৰঠাকুৰে পাইছে ২৮৩৯টা ভোট।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|