অপেক্ষাৰ অন্ত পৰিল! আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। এতিয়া প্ৰতিগৰাকী প্ৰাৰ্থী, প্ৰতিটো ৰাজনৈতিক দলৰ সমৰ্থকে কৰি আছে অধীৰ অপেক্ষা। পুৱা ৭ বজাৰ লগে লগেই প্ৰতিটো ভোটগণনা কেন্দ্ৰত খোল খাব EVM মেচিন।
এইবাৰৰ অসম বিধানসভা নিৰ্বাচন আছিল কিছু ব্যতিক্ৰম। নিৰ্বাচনৰ প্ৰায় এমাহ আগলৈকে বিজেপিৰ বাবে একেবাৰে সহজ হৈ থকা ৰাস্তা,পিছলৈ কিছু কঠিন হৈ পৰিছিল। দুটাকৈ নতুন আঞ্চলিক ৰাজনৈতিক দলে আউল লগালে কংগ্ৰেছ আৰু বিজেপিৰ নিৰ্বাচনী অংকত।
এইবাৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ কংগ্ৰেছৰ নেতৃত্বত গঠন হ’ল বিৰোধী মহাজোঁট। মহাজোঁটত চামিল হ’ল AIUDF, বাওদল, আঞ্চলিক গণ মৰ্চা আৰু বিপিএফ দল। কংগ্ৰেছৰ এই মহাজোঁট গঠনৰ পিছতে উজনি অসমক বিশেষ ভাবে লক্ষ্য কৰি লৈছিল বিজেপিয়ে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিন ৰাতি একাকাৰ কৰি দলীয় প্ৰাৰ্থীক জয়ী কৰাবলৈ চেষ্টা কৰিছিল।
বহু সমষ্টিত এইবাৰ বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত পৰিলক্ষিত হৈছিল। দলীয় কৰ্মীৰ খং ক্ষোভ বিজেপিয়ে কিছু প্ৰশমিত কৰাত সফল হ’ল যদিও ভোটগ্ৰহণৰ দিনটোলৈকে একাংশ কংগ্ৰেছ কৰ্মীৰ মাজত থাকিল ক্ষোভ-অসন্তুষ্টি।
ইতিমধ্যে দেশৰ বহুকেইটা আগশাৰীৰ সংবাদগোষ্ঠীয়ে প্ৰকাশ কৰা Exit Poll-এ ৰাজ্যত পুনৰ বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হোৱাৰ ইংগিত দিছে যদিও কিছু সময়ৰ পিছতে স্পষ্ট হৈ পৰিব, আগন্তুক পাঁচ বছৰলৈ অসমবাসীয়ে কাৰ হাতত অৰ্পণ কৰে শাসনৰ বাঘজৰী।
- First Published :