Assam Election Results 2021: ৰিপুণ বৰা নে ৰঞ্জিত দাস? অখিল গগৈ, অতুল বৰা, লুৰিণজ্যোতি গগৈৰ কি হ'ব? কোন জন সভাপতি থাকিব আগত?

News18 Assam | News18-Assam
Updated:May 2, 2021, 8:07 AM IST
Assam Election Results 2021: ৰিপুণ বৰা নে ৰঞ্জিত দাস? অখিল গগৈ, অতুল বৰা, লুৰিণজ্যোতি গগৈৰ কি হ'ব? কোন জন সভাপতি থাকিব আগত?
Assam Assembly Election Results 2021: আজি ঘোষণা হ'ব অসম অসম বিধানসভা নিৰ্বাচৰ ফলাফল। সকলোৰে চকু এতিয়া ইভিএমত।

Assam Assembly Election Results 2021: আজি ঘোষণা হ'ব অসম অসম বিধানসভা নিৰ্বাচৰ ফলাফল। সকলোৰে চকু এতিয়া ইভিএমত।

  • Share this:
আজি ঘোষণা হ'ব অসম অসম বিধানসভা নিৰ্বাচৰ ফলাফল। সকলোৰে চকু এতিয়া ইভিএমত। এইবাৰ নিৰ্বাচনত বিজেপি, কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, অসম গণ পৰিষদ আদি প্ৰতিটো আগশাৰীৰ ৰাজনৈতিক দলৰ সভাপতিয়েই প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

ৰঞ্জিত দাসঃ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এইবাৰ সৰভোগৰ পৰিৱৰ্তে পাটাচাৰকুছি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে। সমষ্টিটোৰ পৰা ৰঞ্জিত দাস বিজয়ী হ'ব বুলি দৃঢ় বিশ্বাসী। কিন্তু ৰঞ্জিত দাসক প্ৰত্যাহ্বান জনাইছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তথা সমষ্টিটোৰ বিধায়ক প্ৰবিন্দ্ৰ ডেকাই।

ৰিপুণ বৰাঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা এইবাৰ নিজ সমষ্টি গহপুৰৰ পৰা ওলাবই নোৱাৰিলে। সমষ্টিটোত বিজেপিৰ ভেঁটি শক্তিশালী হৈ থকাৰ বাবে দিন ৰাতি একাকাৰ কৰি প্ৰচাৰত নামিছিল ৰিপুণ বৰা। ৰিপুণ বৰাৰ বিশ্বাস বিজেপিৰ প্ৰাৰ্থীগৰাকীক পৰাস্ত কৰি এইবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হ'ব তেওঁ।

লুৰিণজ্যোতি গগৈঃ নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদে এইবাৰ নিৰ্বাচনত আউল লগাইছে কংগ্ৰেছ আৰু বিজেপিৰ অংকত। দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এইবাৰ দুটা সমষ্টিৰ পৰা আগবঢ়াইছে প্ৰতিদ্বন্দিতা। দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা লুৰিণজ্যোতি গগৈ কিছু পৰিমাণে দুলীয়াজান সমষ্টিতহে সুবিধাজনক স্থিতিত আছে বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে ক'ব বিচাৰে।

অখিল গগৈঃ আজিৰ দিনটোত সকলোৰে দৃষ্টি থাকিব শিৱসাগৰ বিধানসভা সমষ্টিৰ ওপৰত। কাৰণ সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে কাৰাবন্দী নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। সমষ্টিটোত অখিল গগৈৰ অংকত কংগ্ৰেছে কিছু আউল লগাইছে বুলি আলোচনা চলা দেখা গৈছে। কিন্তু কিছুসময়ৰ পিছতে স্পষ্ট হৈ পৰিব সকলো কথা।

অতুল বৰাঃ কৃষিমন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই বোকাখাত সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছে। সমষ্টিটোত অতুল বৰা যথেষ্ট আগবাঢ়ি আছে বুলি একাংশই কব খোজিলেও প্ৰকৃত ছবিখন কিছুসময়ৰ পিছতহে পোহৰলৈ আহিব।
Published by: Himangshu Bhuyan
First published: May 2, 2021, 6:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি