Assam Election Results 2021: বিজেপি মিত্ৰজোঁটে ৬৮ খন আসনত আৰু কংগ্ৰেছ মহাজোঁটে ৩১ খন আসনত লাভ কৰিছে অগ্ৰগতি

News18 Assam | News18-Assam
Updated:May 2, 2021, 10:35 AM IST
Assam Election Results 2021: বিজেপি মিত্ৰজোঁটে ৬৮ খন আসনত আৰু কংগ্ৰেছ মহাজোঁটে ৩১ খন আসনত লাভ কৰিছে অগ্ৰগতি
Assam Assembly Election Results 2021: ইতিমধ্য়ে বিভিন্ন সমষ্টিত ৪টা ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হৈছে।

Assam Assembly Election Results 2021: ইতিমধ্য়ে বিভিন্ন সমষ্টিত ৪টা ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হৈছে।

  • Share this:
ইতিমধ্য়ে বিভিন্ন সমষ্টিত ৪টা ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হৈছে। ইতিমধ্যে চলি থকা ভোটগণনাত শেহতীয়াকৈ বিজেপি মিত্ৰজোঁটে ৬৮ খন আসনত আগবাঢ়ি থকাৰ লগতে কংগ্ৰেছ মহাজোঁটে ৩১টা সমষ্টিত আগবাঢ়িবলৈ সক্ষম হৈছে। ঠিক সেইদৰে ৰাইজৰ দলে এটা সমষ্টিত আগবাঢ়িবলৈ সক্ষম হৈছে।

কোন সমষ্টিত কোনে লৈছে অগ্ৰগতিঃ


  • শদিয়া সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী বলীন চেতীয়া।

  • যোৰহাট সমষ্টিত আগবাঢ়ি আছে  কংগ্ৰেছৰ ৰাণা গোস্বামী।

  • টীয়ক সমষ্টিত আগবাঢ়িছে কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈ।

  • শিৱসাগৰত আগবাঢ়ি আছে ৰাইজৰ দলৰ অখিল গগৈ।


  • গহপুৰত পিছপৰি আছে কংগ্ৰেছৰ ৰিপুণ বৰা।

  • নাজিৰাত আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থী ময়ুৰ বুঢ়াগোহাঁই।

  • জালুকবাৰীত আগবাঢ়িছে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা।

  • ৰঙিয়াত বিজেপিৰ ভৱেশ কলিতাৰ অগ্ৰগতি।

  • ঢকুৱাখনাত আগবাঢ়িছে বিজেপিৰ নৱ কুমাৰ দলে।

  • কমলপুৰত কংগ্ৰেছৰ কিশোৰ ভট্টাচাৰ্যৰ অগ্ৰগতি।

  • দুলীয়াজানত অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈৰ অগ্ৰগতি।

  • দিছপুৰত বিজেপিৰ অতুল বৰাৰ অগ্ৰগতি।

  • মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অগ্ৰগতি।

  • তিতাবৰত কংগ্ৰেছ প্ৰাৰ্থী  ভাস্কৰ বৰুৱাই লৈছে অগ্ৰগতি।

  • মৰিগাওঁৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ অগ্ৰগতি।

  • জাগীৰোডত বিজেপি প্ৰাৰ্থী পীয়ুষ হাজৰিকাৰ অগ্ৰগতি।

  • হাজোত আগবাঢ়িছে অসম জাতীয় পৰিষদৰ দুলু আহমেদৰ অগ্ৰগতি।

  • ঢেকীয়াজুলিত বিজেপিৰ অশোক সিংঘালৰ অগ্ৰগতি।

  • বৰচলাত আগবাঢ়িছে কংগ্ৰেছৰ আৰ পি শৰ্মাৰ অগ্ৰগতি।

  • চতীয়াত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীৰ অগ্ৰগতি।

  • তেজপুৰত অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ অগ্ৰগতি।

  • বিশ্বনাথত কংগ্ৰেছ প্ৰাৰ্থী অঞ্জন বৰাৰ অগ্ৰগতি।

  • বৰপেটা সমষ্টিত কংগ্ৰেছৰ আব্দুল ৰহিম আহমেদ আগবাঢ়িছে।

  • সৰুক্ষেত্ৰীত কংগ্ৰেছৰ জাকিৰ হুছেইন শিকদাৰে অগ্ৰগতি লাভ কৰিছে।

  • মঙলদৈত আগবাঢ়িছে বিজেপিৰ গুৰুজ্যোতি দাসৰ অগ্ৰগতি।

  • ছয়গাঁৱত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদৰ অগ্ৰগতি।

Published by: Himangshu Bhuyan
First published: May 2, 2021, 10:08 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি