Assam Election Results 2021 : কলিয়াবৰত কেশৱ মহন্ত, বোকাখাতত অতুল বৰাৰ জয়লাভ, চাওক এতিয়ালৈ কোন সমষ্টিত কোন জিকিল

News18 Assam | News18-Assam
Updated:May 2, 2021, 3:30 PM IST
Assam Election Results 2021 : কলিয়াবৰত কেশৱ মহন্ত, বোকাখাতত অতুল বৰাৰ জয়লাভ, চাওক এতিয়ালৈ কোন সমষ্টিত কোন জিকিল
Assam Assembly Election Results 2021 : মৰিয়নীত কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীৰ জয়লাভ। ৰূপজ্যোতিৰ হাতত পৰাস্ত বিজেপিৰ ৰমণী তাঁতী।

Assam Assembly Election Results 2021 : মৰিয়নীত কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীৰ জয়লাভ। ৰূপজ্যোতিৰ হাতত পৰাস্ত বিজেপিৰ ৰমণী তাঁতী।

  • Share this:
কলিয়াবৰত বিজেপিৰ কেশৱ মহন্তৰ জয়লাভ। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত। বোকাখাত সমষ্টিত জয়লাভ কৰিলে অগপ সভাপতি অতুল বৰাই। অতুল বৰাৰ হাতত পৰাস্ত মহাজোঁটৰ প্ৰাৰ্থী প্ৰণৱ দলে।

চতিয়াত বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকাৰ জয়। পৰাস্ত কংগ্ৰেছৰ প্ৰাণেশ্বৰ বসুমতাৰী।

গোলাঘাটত বিজেপিৰ অজন্তা নেওগৰ জয়লাভ। কংগ্ৰেছৰ বিতোপন শইকীয়া পৰাস্ত কৰি জয়লাভ কৰে অজন্তা নেওগে।

মৰিয়নীত কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীৰ জয়লাভ। ৰূপজ্যোতিৰ হাতত পৰাস্ত বিজেপিৰ ৰমণী তাঁতী।

বিহালীত বিজেপিৰ ৰঞ্জিত দত্তৰ জয়লাভ। বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ জয়। পৰাস্ত হ’ল কংগ্ৰেছৰ শংকৰ প্ৰসাদ ৰায়।

ছয়গাঁৱত কংগ্ৰেছৰ ৰেকিবুদ্দিন আহমেদৰ জয়লাভ। পূব কোকৰাঝাৰত ইউপিপিএলৰ লৰেঞ্চ ইছলাৰীৰ জয়। সমষ্টিটোত পৰাস্ত হ’ল প্ৰমীলাৰাণী ব্ৰহ্ম।

দক্ষিণ শালমাৰাত কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীৰ জয়লাভ। মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মাৰ জয়লাভ। কংগ্ৰেছৰ মনোৰঞ্জন বৰগোহাঁই পৰাস্ত।

ডিব্ৰুগড়ত বিজেপিৰ প্ৰশান্ত ফুকনৰ জয়। তেজপুৰত অগপ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ জয়লাভ। পৰাস্ত কংগ্ৰেছৰ অনুজ কুমাৰ মেচ।

পলাশবাৰীত বিজেপিৰ হেমাংগ ঠাকুৰীয়াৰ জয়।

টীয়ক সমষ্টিত অগপ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ জয়।

বকোত কংগ্ৰেছৰ নন্দিতা দাসৰ জয়লাভ।

কাটলিচেৰাত এআইইউডিএফৰ সুজামুদ্দিন লস্কৰৰ জয়।

অৱশ্যে সমষ্টিসমূহৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী আছে।
Published by: Sanjay Kumar Das
First published: May 2, 2021, 3:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি