সন্মানীয় দিছপুৰ সমষ্টিত পুনৰবাৰ শেষ হাঁহি মাৰিলে অতুল বৰাই। বিজেপি প্ৰাৰ্থীগৰাকীয়ে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰে। অতুল বৰাই মুঠ পাইছে ১,৯৫,২১৮টা। আনহাতে, কংগ্ৰেছৰ মনজিৎ মহন্তই লাভ কৰিছে ৭৪,১২৭টা ভোট। ১,২১,০৯১টা ভোটৰ ব্যৱধানত বিজয়ী হয় অতুল বৰাই।
জয়ী হোৱাৰ পিছত অতুল বৰাই কয়, ‘‘বহুত ভোটৰ ব্যৱধানত জয়ী হৈছো। কংগ্ৰেছে কিমান ভোট পাব আগতেই জানিছিলো। পূৰ্বতকৈ অধিক সোচ্চাৰ হ’ম এইবাৰ।
কেবিনেটত থাকি ৰাইজৰ হৈ মাত মাতিব পাৰিলে ভাল। সমষ্টিবাসীয়ে বিচাৰিছে মন্ত্রী হোৱাটো।’’ইফালে পশ্চিম গুৱাহাটী সমষ্টিত জয়লাভ কৰিছে অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা। কংগ্ৰেছৰ মীৰা বৰঠাকুৰক ৭৭,৭৯৫টা ভোটত পৰাস্ত কৰে কলিতাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|