ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। প্ৰথম ৰাউণ্ডৰ অন্তত থাওৰা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুশল দুৱৰীয়ে ৪২৩টা ভোটত আগবাঢ়ি আছে।
প্ৰথম ৰাউণ্ডৰ অন্তত আমগুৰি সমষ্টিৰ অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই ৫৭৬টা ভোটত আগবাঢ়ি আছে। শিৱসাগৰ সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে ২০২২টা ভোটত আগবাঢ়ি আছে।
আনহাতে, গহপুৰত প্ৰথম ৰাউণ্ডৰ অন্তত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে। ৮৪৮টা ভোটত আগবাঢ়িছে বিজেপি প্ৰাৰ্থীগৰাকী।
ইফালে, প্ৰথম ৰাউণ্ডৰ অন্তত ছয়গাঁও সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ আগবাঢ়ি আছে। ৰেকিবুদ্দিন আহমেদে লাভ কৰিছে ১২,২৭২টা ভোট। আনহাতে, কমলা কলিতাই পাইছে ১৬৬২টা ভোট।
পূব গুৱাহাটী সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত ২৫০০ ভোটত অগ্ৰগতি লাভ কৰিছে বিজেপিৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যই। পশ্চিম গুৱাহাটীত আগবাঢ়িছে মীৰা বৰঠাকুৰ।
ইফালে, লাহৰীঘাট সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত আগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ২৬৬৭টা ভোট পোৱাৰ বিপৰীতে বিজেপি প্ৰাৰ্থীগৰাকীয়ে পাইছে ২৬২৪টা ভোট।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|