Assam Election Results 2021: মুখ্যমন্ত্ৰী হিচাপে কাক সমৰ্থন জনাব অগপই? জয়লাভৰ পিছতে অতুল বৰাৰ তাত্‍পৰ্যপূৰ্ণ মন্তব্য

News18 Assam | News18-Assam
Updated:May 2, 2021, 5:38 PM IST
Assam Election Results 2021: মুখ্যমন্ত্ৰী হিচাপে কাক সমৰ্থন জনাব অগপই? জয়লাভৰ পিছতে অতুল বৰাৰ তাত্‍পৰ্যপূৰ্ণ মন্তব্য
কোন হব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

কোন হব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

  • Share this:
বোকাখাত সমষ্টিৰ পৰা বিশাল ব্যৱধানত জয়লাভ কৰিছে অগপ সভাপতি অতুল বৰাই। সমষ্টিটোৰ পৰা জয়লাভ কৰিয়েই এইবাৰ ৰাজ্যত অগপই কাক মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন জনাব, সেই সন্দৰ্ভত তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰিছে অতুল বৰাই।

উল্লেখ্য যে, অসম বিধানসভা নিৰ্বাচনত ঈৰ্ষণীয় সফলতা লাভ কৰাৰ পিছত প্ৰায় চূড়ান্ত হৈ পৰিল যে, পৰৱৰ্তী চৰকাৰ বিজেপিৰ নেতৃত্বতে অসমত প্ৰতিষ্ঠা হ'ব। পিছে এইবাৰ কোন হ'ব মুখ্যমন্ত্ৰী? সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা? এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি অব্যাহত আছে জল্পনা-কল্পনা।

কোন হব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী?

অতুল বৰাই কয় যে,'পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব সেয়া বিজেপি দলেহে ঠিক কৰিব ৷ মিত্ৰতাৰ সূত্ৰে অগপ দলে যিজনকেই মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব, তেওঁকে অগপই সমৰ্থন জনাব।' ইফালে অগপ দলৰ মন্ত্ৰীত্বৰ সম্পৰ্কত অতুল বৰাই পৰৱৰ্তী সময়তহে সিদ্ধান্ত ল'ব বুলি কয় ৷ লগতে বোকাখাতবাসীয়ে দ্বিতীয়বাৰৰ বাবে তেওঁক বিজয়ী কৰোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷
Published by: Himangshu Bhuyan
First published: May 2, 2021, 5:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি