যোৰহাটৰ ঐতিহাসিক কাকজান ঈদগাহ উকা। সকলোৱে কোভিড নিয়ম মানি ঘৰৰ পৰাই আদায় কৰিছে নামাজ।
যোৰহাটৰ ঐতিহাসিক কাকজান ঈদগাহ উকা। সকলোৱে কোভিড নিয়ম মানি ঘৰৰ পৰাই আদায় কৰিছে নামাজ।
পবিত্র ৰমজান মাহৰ ৰোজাৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী ৰাইজে কঠিন ক'ভিড প্ৰট'কলৰ মাজতে আয়োজন কৰিছে ত্যাগ, সংযম আৰু মানৱতাবোধৰ প্ৰতীকস্বৰূপ ঈদ-উল-ফিটৰ।
ভাতৃত্ববোধ, সম্প্ৰীতি আৰু মানৱকল্যাণ নিহিত হৈ থকা ৰমজানৰ ৰোজাৰ শেষত পালন কৰা ঈদ-উল-ফিটৰৰ গুৰুত্ব সৰ্বাধিক। যাৰ অৰ্থই হ'ল দান কৰি লাভ কৰা আনন্দ।
কিন্তু এইবাৰ মহামাৰী কোভিডৰ কোপত পৰি ম্লান হৈ পৰিল ঈদৰ আনন্দ-উল্লাস।কোৰোণাৰ বাবে এইবাৰ উকা হৈ পৰিল ঐতিহাসিক ঈদগাহসমূহ। সমূহীয়া নামাজৰপৰা বিৰত থাকিব লগা হ'ল ইছলাম ধৰ্মীয় ৰাইজ। চৰকাৰে বান্ধি দিয়া ক'ভিড প্ৰ'ট'কল ৰক্ষা কৰি ঘৰতেই ইছলাম ধৰ্মাৱলম্বী লোকসকলে নামাজ পঢ়ি পালন কৰে ঈদ।
যোৰহাটৰ হিন্দু-মুছলমানৰ সমন্বয়ৰ স্থলী স্বৰূপ ঐতিহাসিক কাকজান ঈদগাহত ১৯৩২ চনৰে পৰা ঈদ-উল-ফিটৰৰ দিনা সমূহীয়াকৈ নামাজৰ আয়োজন কৰি আহিছিল যদিও কোভিডৰ ভয়াৱহ সংক্ৰমণৰ পৰিণতিত এইবাৰ বিৰত থাকিল সকলো।
কাকজানৰ সচেতন ইছলাম ধৰ্মাৱলম্বী লোকৰ অভিমত- এনে জটিল ক্ষণত সকলো সজাগ আৰু সচেতন হোৱাৰ অতীৱ প্ৰয়োজন। সেয়ে সকলোৱে সজাগ হৈ ৰক্ষা কৰক নিজক, ৰক্ষা কৰক সমাজক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|