শিক্ষামন্ত্ৰীৰ ‘Driver Concept‘! ছচিয়েল মিডিয়াত এতিয়া চলিছে ব্যাপক চৰ্চা
News18-Assam Updated:June 15, 2019, 12:52 PM IST

টেট’ চাৰ্টিফিকেটৰ ম্যাদ উকলা শিক্ষকসকলেও পুনৰ টেট’ পৰীক্ষাত উত্তীৰ্ণ হৈ চাৰ্টিফিকেটৰ ম্যাদ বঢ়াব লাগিবঃশিক্ষামন্ত্ৰী
টেট’ চাৰ্টিফিকেটৰ ম্যাদ উকলা শিক্ষকসকলেও পুনৰ টেট’ পৰীক্ষাত উত্তীৰ্ণ হৈ চাৰ্টিফিকেটৰ ম্যাদ বঢ়াব লাগিবঃশিক্ষামন্ত্ৰী
- News18 Assam
- Last Updated: June 15, 2019, 12:52 PM IST
বহস্পতিবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ফোনকলৰ জৰিয়তে ৰাজ্যৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত পোনপটীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোত বহুতে মন্ত্ৰীগৰাকীৰ ওচৰত ৰাজ্যৰ শিক্ষা খণ্ডৰ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছিল। এই অনুষ্ঠানতে ৰাজ্যৰ এগৰাকী টেট উত্তীৰ্ণ যুৱকে তেওঁলোকৰ টেট’ চাৰ্টিফিকেটখনৰ ম্যাদ উকলি যোৱা বিষয়তো শিক্ষামন্ত্ৰীৰ ওচৰত দাঙি ধৰি, উক্ত চাৰ্টিফিকেটখনেৰে নিয়মীয়াকৰণৰ বিজ্ঞাপনত আৱেদন কৰিব পাৰিব নে নাই? বা এই সন্দৰ্ভত কি ব্যৱস্থা আছে? বুলি প্ৰশ্ন উত্থাপন কৰিছিল শিক্ষামন্ত্ৰীৰ আগত। পিছত এই প্ৰশ্নৰ উত্তৰ শিক্ষামন্ত্ৰীয়ে যি ধৰণে দিয়ে ,তাকলৈ এতিয়া সৰ্বত্ৰ চলিছে ব্যাপক চৰ্চা। ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে এতিয়া ৰাজ্যৰ একাংশ টেট’ শিক্ষকে মৌনভাৱে গ্ৰহণ কৰা এক ব্যতিক্ৰমী প্ৰতিবাদ।

শিক্ষামন্ত্ৰীৰ এনে মন্তব্যৰ পিছত এতিয়া শিক্ষক সমাজক ড্ৰাইভাৰৰ লগত তুলনা কৰাত দুৰ্ভাগ্যজনক আখ্যা দিছে বহুতে। সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ এনে মন্তব্যৰ পিছত এতিয়া টেট’ শিক্ষকসকল ছ’চিয়েল মিডিয়াযোগে একগোট হৈ প্ৰত্যেকে নিজৰ নামৰ আগত ড্ৰাইভাৰ লিখি প্ৰতিবাদ কৰাৰ ঠিৰাং কৰিছে।