মুখ্যপৃষ্ঠা »খবৰ »অসম »অভিশপ্ত নেকি ৰাজ্যৰ শিক্ষা বিভাগ ? শিক্ষা বিভাগৰ দায়িত্ব মানেই অপবাদ নেকি ?

অভিশপ্ত নেকি ৰাজ্যৰ শিক্ষা বিভাগ ? শিক্ষা বিভাগৰ দায়িত্ব মানেই অপবাদ নেকি ?

বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীক বাদ দি বিভাগটোৰ দায়িত্ব লোৱা অধিকাংশ মন্ত্ৰী এতিয়া কোনোবা যদি বিধায়ক হৈ আছে কোনোবাই আকৌ বিধায়কৰ টিকটটোৰ বাবেই কৰিব লগীয়া হৈছে সংগ্ৰাম ৷ হয় ক'বলৈ ওলাইছো শিক্ষা বিভাগৰ দায়িত্বৰ কথা ৷

  • Share this:
বিভাগটোৰ দায়িত্ব শেহতীয়াকৈ যিয়েই লৈছে সেই গৰাকীয়েই মূৰ পাতি ল'ব লগীয়া হৈছে অপবাদ ৷ একমাত্ৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীক বাদ দি বিভাগটোৰ দায়িত্ব লোৱা অধিকাংশ মন্ত্ৰী এতিয়া কোনোবা যদি বিধায়ক হৈ আছে কোনোবাই আকৌ বিধায়কৰ টিকটটোৰ বাবেই কৰিব লগীয়া হৈছে সংগ্ৰাম ৷ হয় ক'বলৈ ওলাইছো শিক্ষা বিভাগৰ দায়িত্বৰ কথা ৷

ক'ৰ পৰা আৰম্ভ কৰিব? বৰ্তমানৰ পেঞ্চনাৰ ৰাজনীতিক বৃন্দাৱন গোস্বামীৰ পৰাই আৰম্ভ কৰিব পাৰি ৷ অগপৰ শেষৰটো কাৰ্যকালত শিক্ষা বিভাগৰ মন্ত্ৰী হোৱা বৃন্দাৱন গোস্বামী পৰৱৰ্তী সময়ত অগপৰ প্ৰক্ষেপিত মুখ্যমন্ত্ৰীৰো প্ৰাৰ্থী আছিল ৷ সেই বৃন্দাৱন গোস্বামীৰ বৰ্তমানৰ অৱস্থা সকলোৱে জানে ৷ ২০২১ৰ বিধানসভা নিৰ্বাচনত তেজপুৰৰ পৰা টিকটটোকে নাপালে প্ৰাক্তন শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ তাৰ পিছত আহিল কংগ্ৰেছৰ কাৰ্যকালত গৌতম বৰা ৷ প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ শিক্ষামন্ত্ৰী গৌতম বৰা এতিয়া বিজেপিত ৷ একেদৰে ৰিপুন বৰা এতিয়া অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৷ তৰুণ গগৈ চৰকাৰৰ শেষৰটো কাৰ্যকালৰ শিক্ষা মন্ত্ৰী শৰৎ বৰকটকী পৰাজিত হৈছিল ২০১৬ৰ বিধানসভা নিৰ্বাচনত ৷ বিজেপিৰ প্ৰথমটো কাৰ্যকালত সিদ্ধাৰ্থ ভট্টাচাৰ্য আছিল শিক্ষা মন্ত্ৰী ৷ এতিয়া সিদ্ধাৰ্থ ভট্টাচাৰ্য অকল বিধায়কহে ৷ দ্বিতীয় কাৰ্যালয়ত মন্ত্ৰীসভাত স্থান নাপালে ভট্টাচাৰ্যই ৷ এই সকলৰ কোনোবাই যদি অপবাদ ল'ব লগীয়া হৈছে কোনোবাই নিজৰ ৰাজনৈতিক কেৰিয়াৰটোক লৈ কৰিব লগীয়া হৈছে সংগ্ৰাম ৷ প্ৰাক্তন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মতে, "যেতিয়ালৈকে শিক্ষা বিভাগ ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক উন্নয়ণৰ সলনি শিক্ষক নিযুক্তি, প্ৰাদেশীকৃত অপ্ৰাদেশীকৃত বিদ্যালয়ত লাগি থাকিব তেতিয়ালৈকে বদনামী হৈ থাকিব বিভাগ, অপবাদ থাকিব মন্ত্ৰীৰ ৷" এইবাৰ পাল পৰিছে ৰণোজ পেগুৰ ৷ পেগুৰ মতে তেওঁৰ বিৰুদ্ধে কোনো ষড়যন্ত্ৰ হোৱা নাই ৷ ঠিকেই ষড়যন্ত্ৰ হয়তো কোনেও কৰা নাই ৷ কিন্তু এই বিভাগটোৰ যি ইতিহাস সেই ইতিহাসেই হয়তো কাল হৈছে ৰণোজ পেগুৰ বাবেও ৷ শিক্ষামন্ত্ৰী হৈ উত্তৰণ হৈছে অকল মুখ্যমন্ত্ৰীৰে ৷ যাক ইতিহাসেও চুব নোৱাৰিলে নিজৰ শক্তি আৰু দক্ষতাৰ একক আৰু অনন্য গুণৰ বাবে ৷

শেহতীয়া বাতৰি