‘বিক্ৰী হ’ল শিক্ষা মন্ত্ৰী’– প্ৰতিশ্ৰুতিৰ পিছতো কিয় ৰন্ধনকৰ্মীৰ সৈতে বৈঠকত নবহিল শিক্ষা মন্ত্ৰী?
News18-Assam Updated:November 13, 2019, 2:21 PM IST

Source-Google
কাৰ্যালয়ত থাকিও ৰন্ধনকৰ্মীক এবাৰো দেখা নিদিলে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই
- News18 Assam
- Last Updated: November 13, 2019, 2:21 PM IST
লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতো সাক্ষাৎ কৰিবলৈ সময় উলিয়াব নোৱাৰা শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে এতিয়া ক্ষোভত ফাটি পৰিছে ৰন্ধনকৰ্মীসকল। শিক্ষামন্ত্ৰী NGO ৰ ওচৰত বিক্ৰী গ’ল বুলি অভিযোগ কৰিছে কৰ্মীসকলে।
ইফালে এনেদৰে অপমান কৰাক কেন্দ্ৰ কৰি ৰন্ধনকৰ্মী সকলে আগন্তুক সময়ত তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল’ব বুলি চৰকাৰক সকীয়াই দিয়ে। তেওঁলোকে কয় যে, ‘এইবোৰ সকলো ভেঁকোভাওনা। আমি শীঘ্ৰে জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ কৰিম। ৰে’লপথ অৱৰোধ কৰিম। যদি কিবা হয় ইয়াৰ বাবে জগৰীয়া হ’ব শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী।’